• কংগ্ৰেছৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ, ৰাইজলৈ অখিল গগৈৰ পত্ৰ

    আঞ্চলিক
    কংগ্ৰেছৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ, ৰাইজলৈ অখিল গগৈৰ পত্ৰ

    গুৱাহাটী : আজি মঠঘৰীয়াত থকা ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত ৰাইজৰ দলে সংবাদ মেল সম্বোধন কৰে। দলৰ কাৰ্যকৰী সভাপতি ভাস্ক ডি শইকীয়াই সম্বোধন কৰে সংবাদমেলখন৷ এই সংবাদমেলৰ জৰিয়তে কাৰাৰুদ্ধ নেতা অখিল গগৈয়ে অসমবাসীলৈ এখন পত্ৰ প্ৰেৰণ কৰে৷ ২ মে'ত ঘোষণা হ'বলগা নিৰ্বাচনৰ ফলাফলক লৈ ৰাইজৰ দল যথেষ্ট আশাবাদী বুলি তেওঁ সদৰি কৰে।





    আৰু পঢ়িব পাৰিব : কৰ’নাই কাঢ়ি নিলে প্ৰধানমন্ত্ৰী মোডীৰ আত্মীয়ক…





    ২০২১চনৰ মিত্ৰতাৰ প্ৰসংগ লৈ ছয় পৃষ্ঠাজোৰা এখন পত্ৰত কংগ্ৰেছ দলৰ বহু কথা উল্লেখ কৰে৷ ৰাইজৰ দল গঠনৰ পূৰ্বে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কংগ্ৰেছৰ লগত মিত্ৰতা সম্পৰ্কত আলোচনা কৰিছিল, সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ঘৰলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিনিধি গৈছিল, কিন্তু তেওঁৰ ঘৰৰ কুকুৰজনী মৰা বাবে ৰাইজৰ দলৰ প্ৰতিনিধিৰ লগত কথা নাপাতিলে বুলি গগৈয়ে পত্ৰযোগে অভিযোগ কৰে।





    সাং‌সদ গৌৰৱ গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা জিএমচিএইচলৈ আহোঁতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে মিত্ৰতাৰ প্ৰস্তাৱ দিছিল যদিও সেয়া নহ’ল বুলি তেওঁ কয়৷ ৰাইজৰ দলৰ বাবে নিৰ্বাচন জিকা ডাঙৰ কথা নাছিল। বিজেপিক পৰাভূত কৰাটোৱেই মূল লক্ষ্য আছিল আছিল বুলিও পত্ৰত উল্লেখ কৰে কাৰাৰুদ্ধ নেতাজনে৷





    আৰু পঢ়িব পাৰিব : দুটাকৈ অক্সিজেন প্লান্ট মুকলি অসম মেডিকেল কলেজত





    তদুপৰি, ২০২১ৰ নিৰ্বাচনত যদি বিজেপি জয়ী হয় তেন্তে তাৰ বাবে কংগ্ৰেছ আৰু মহাজোঁট, এআইইউডিএফ জগৰীয়া হ'ব বুলিও তেওঁ মন্তব্য কৰে। ৰাইজৰ দলৰ প্ৰতিটো আন্তৰিক প্ৰচেষ্টাক কংগ্ৰেছে চৰম প্ৰতাৰণা কৰা, বিশ্বাসঘাতকতা কৰাৰ দৰে ভালেমান গুৰুতৰ অভিযোগ পত্ৰখনৰ জৰিয়তে তেওঁ উত্থাপন কৰে।