• কঠোৰ মহানগৰ যান-বাহন আৰক্ষী ! এইকেইটা নিয়ম নামানিলে হ'ব পাৰে বিপদ

    আঞ্চলিক
    কঠোৰ মহানগৰ যান-বাহন আৰক্ষী ! এইকেইটা নিয়ম নামানিলে হ'ব পাৰে বিপদ

    গুৱাহাটী: কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয়ত পথ সুৰক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক৷ মহানগৰ জিলা উপায়ুক্তৰ সভাপতিত্বত হোৱা বৈঠকত ৰাজ্যত বৰ্ধিত দুৰ্ঘটনা ৰোধ কৰাৰ ওপৰত বিস্তৃত আলোচনা কৰা হয়৷





    বৈঠকত উপস্থিত আছে কামৰূপ মহানগৰ জিলাৰ আটাইকেইজন জিলা পৰিবহণ বিষয়া, পৰিবহণ বিভাগৰ পৰিচালন সঞ্চালক, মহানগৰ যান-বাহন আৰক্ষীৰ ‘ডিচিপি’কে ধৰি পথ সুৰক্ষা সমিতিৰ সকলো বিষয়ববীয়া। বৈঠকৰ অন্তত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে৷





    কাইলৈৰপৰা দুচকীয়া বাহনৰ ক্ষেত্ৰত পে'ট্ৰল ডিপোত হেলমেট নহ’লে পেট্ৰল নাপাব৷ স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে হেলমেট পৰিধান কৰি নাহিলে সোমাব নোৱাৰিব স্কুলত৷ এতিয়াৰেপৰা ৰাজপথত নিৰীক্ষণ কৰিব ট্ৰেফিক ইঞ্চপেক্টৰে৷ অত্যধিক গতিবেগত বাহন চলালে তিনিমাহৰ বাবে লাইসেন্স বাতিলৰ লগতে ২০০০ টকা জৰিমনা বিহা হ'ব৷ ন্যায়ালয়ৰ নিৰ্দেশত প্ৰতি জিলাত গঠন হোৱা জিলা পথ সুৰক্ষা সমিতিৰ সিদ্ধান্ত৷