• কণ্ঠৰোধৰ চেষ্টা! জনতাৰ প্ৰতিবাদত কপিল নদীদ্বীপ

    আঞ্চলিক
    কণ্ঠৰোধৰ চেষ্টা! জনতাৰ প্ৰতিবাদত কপিল নদীদ্বীপ

    মাজুলী: মাজুলীত জনৰোষৰ সন্মুখীন মন্ত্ৰী বিমল বৰা! ক্ষুব্ধ ৰাইজে ঘেৰাও কৰিলে জিলাখনৰ অভিভাৱক মন্ত্ৰী বৰাক৷ ৰাজপথতে আগচি ধৰি ৰাইজে কৰিলে প্ৰতিবাদ৷ বুধবাৰে হৈ যোৱা অনাকাংক্ষিত নাও দুৰ্ঘটনাৰ বাবে ক্ষুভিত হৈ পৰা মাজুলীৰ অসংখ্যক লোকে কমলাবাৰীৰ উপৰি গড়মূৰত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰিছিল৷





    ‘অসম চৰকাৰ হায় হায়…’, ‘সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ…’, ‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ…’- আদি ধ্বনিৰে উত্তাল কৰি তুলিছিল পৰিস্থিতি৷ জিলাখনৰ অভিভাৱক মন্ত্ৰী বিমল বৰা উপস্থিত হোৱাৰ লগে লগে গাড়ী ঘেৰাও কৰি পৰিস্থিতি অধিক উত্তপ্ত কৰে একাংশ স্থানীয় লোকে৷ যাৰ ফলত মন্ত্ৰীগৰাকীয়ে প্ৰতিবাদকাৰীৰ মাত বহি পৰিবলগীয়া হয়৷ নাও দুৰ্ঘটনা মৃত্যু হোৱা মাজুলীৰ ৰঙাচাহী মহাবিদ্যাবিদ্যালয়ৰ প্ৰবক্তা তথা গুৱাহাটীৰ কাহিলীপাৰাৰ বাসিন্দা পৰমিতা দাসৰ মৃত্যুত তীব্ৰ ক্ষোভ উজাৰে মহাবিদ্যালয়খনৰ ছাত্ৰসমাজে৷ প্ৰতিবাদকাৰীসকলে জিলা উপাযুক্ত বিক্ৰম কৈৰীক প্ৰতিবাদস্থলীলৈ উপস্থিত হ’বলৈ আহ্বান জনায়৷





    অৱশেষত এই আহ্বানৰ সঁহাৰি নাপায় অধিজ উত্তেজিত হৈ পৰে প্ৰতিবাদকাৰীসকল৷ লগতে আৰক্ষীৰ বেৰিকেট ভাঙি আগুৱাই যাৱলৈ চেষ্টা চলায়৷ যাৰ ফলত আৰক্ষীয়ে নিমৰ্মভাৱে প্ৰহাৰ কৰি প্ৰতিবাদীৰ কণ্ঠৰুদ্ধ কৰিবলৈ চেষ্টা কৰে৷ ইপিনে দিনৰ ২ বজাৰ পাছত মুখ্যমন্তৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মাজুলীৰ গড়মূৰ কাছাৰী ময়দানৰ পৰা উৰামাৰৰ পাছতে আৰু অধিক ভয়ংকৰ হৈ পৰে পৰিস্থিতি৷ আৰক্ষীৰ লাঠীচালনাত আহত হোৱা কেইবাজনো চিকিৎসাধীন হৈ আছে। আজি মাজুলীলৈ যাব কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল। বৰ্তমানেও সন্ধান ওলোৱা নাই দুজন যাত্ৰীৰ। এই ঘটনাই ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷