আন্তঃৰাষ্ট্ৰীয়
হোজাই : হোজাইত কপিলী নৈত গা ধুবলৈ গৈ দুই কিশোৰ সন্ধানহীন হৈ আছে৷ আজি তিনিজন বন্ধু একেলগে কপিলী নৈত গা ধুবলৈ যোৱাৰ পাছতে সংঘটিত হয় এই ঘটনা৷ এজনক জীৱন্তে উদ্ধাৰ কৰে যদিও বাকী দুজন সন্ধানহীন হৈ আছে৷
আৰু পঢ়িব পাৰিব : ‘আপোনাৰ ভৰিত ধৰিছোঁ, মোৰ মাক বচাওক…’ ৰাজপথত কাৰ বিননি?
জানিব পৰা মতে কাৰ্বিআংলঙৰ খেৰণিত আছিল তিনিওৰে ঘৰ৷ বিয়াৰ বাবে তিনিজন হোজাইৰ ২নং কানাবালিৰ নৰেশ চৌহানৰ ঘৰত আহিছিল৷ কিশোৰকেইজন ক্ৰমে বিজয় চৌহান(১৫), সঞ্জয় চৌহান (১২) আৰু ধনঞ্জয় চৌহান(১৩)৷
আৰু পঢ়িব পাৰিব : মুম্বাই আৰক্ষীৰ প্ৰাক্তন মুৰব্বীৰ বিৰুদ্ধে এফআইআৰ
ইয়াৰে বিজয় সৌহানক স্থানীয় ৰাইজে জীৱন্তে উদ্ধাৰ কৰে যদিও বাকী দুজন বৰ্তমানেও সন্ধানহীন৷ এছডিআৰএফ বাহিনীয়ে কিশোৰ দুজনৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে৷
Leave A Comment