আন্তঃৰাষ্ট্ৰীয়
কাৰ্বিআংলং: শুকুৰবাৰে হোজাইৰ কপিলী নৈত গা ধুবলৈ গৈ কাৰ্বি আংলং খেৰণিৰ তিনি বন্ধু ক্ৰমে বিজয় চৌহান, সঞ্জয় চৌহান আৰু ধনঞ্জয় চৌহানে গা ধুই থকাৰ সময়তে তিনি বন্ধুক নৈৰ সোঁতে উটুৱাই নিছিল৷ স্থানীয় ৰাইজে বিজয় চৌহানক জীৱন্তে উদ্ধাৰ কৰে যদিও বাকী দুজন সন্ধানহীন হৈ আছিল৷
আৰু পঢ়িব পাৰিব : ডকাইতি কাণ্ডৰ সৈতে জড়িত ১২ জনক গ্ৰেপ্তাৰ কৰিমগঞ্জ আৰক্ষীৰ
স্থানীয় ৰাইজৰ সহযোগত আজি সঞ্জয় চৌহান আৰু ধনঞ্জয় চৌহানৰ মৃতদেহ উদ্ধাৰ কৰা হয়৷ শুকুৰবাৰে গোটেই দিন এছডিআৰএফ বাহিনীয়ে অভিযান চলাইছিল যদিও দুয়োৰে শুংসূত্ৰ লাভ কৰাত ব্যৰ্থ হৈছিল৷
আৰু পঢ়িব পাৰিব : সুৰক্ষিত নহয় বৃটেইনৰ প্ৰধানমন্ত্ৰীৰ ব্যক্তিগত তথ্যও! পঢ়ক সবিশেষ
হোজাইৰ কপিলী নদীত গা ধুবলৈ গৈ সলিল সমাধি হৈছিল দুই কিশোৰৰ৷ গা ধুই থকাৰ সময়তে নৈৰ সোঁতে উঠুৱাই লৈ যায় তিনিওকে৷ তিনি বন্ধু বিয়াৰ বাবে আহিছিল হোজাইৰ ২নং কানাবালিৰ নৰেশ চৌহানৰ ঘৰত৷
Leave A Comment