• কমিছনৰাজঃ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

    আঞ্চলিক
    কমিছনৰাজঃ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

    হোজাইঃ হোজাই ঢলপুখুৰী উন্নয়ন খণ্ডত গঢ় লৈ উঠিছে দুৰ্নীতিৰ বজাৰ! দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে খণ্ড উন্নয়ন বিষয়া, অভিযন্তা, সম্পাদক আৰু পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে। এই অভিযোগ আনিছে খোদ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী বসন্ত সিংহই। বিগত বহু বছৰৰ পৰা ধৰি ঢলপুখুৰী উন্নয়ন খণ্ডৰ ভিতৰচ’ৰাত দুৰ্নীতি চলি থকাৰ কথা উল্লেখ কৰে কৰ্মচাৰীগৰাকীয়ে।





    প্ৰত্যেক কামৰ বিনিময়ত % হিচাপে ভাগ দিব লগা হয় কামটোৰ সৈতে জড়িত বিষয়া-কৰ্মচাৰীসকলক। ঢলপুখুৰী উন্নয়ন খণ্ডৰ মিলিকবস্তি গাঁওপঞ্চায়তৰ সভাপতি ৰেণুমাই চৌহানৰ ভিনিহিয়েক পঞ্চানন চৌহান। ১৪ ফাইনেন্সৰ সিংহভাগ কামেই কৰে পঞ্চাননে এই অভিযোগ স্থানীয় ৰাইজ তথা স্থানীয় বুথ কমিটীৰ সভানেত্ৰীৰ। পঞ্চাননৰ কথাত চলে ঢল পুখুৰী খণ্ড উন্নয়ন বিষয়া-কৰ্মাৰী। কামৰ কোনো খতিয়ান তথা এষ্টিমেট নোহোৱাকৈ সম্পূৰ্ণ কৰিলে হোজাই ৰামপুৰ চান্দগোবিন পাণ্ডে এটা গুৰুত্বপূৰ্ণ পথৰ কাম।





    অতি কমদিনৰ ভিতৰতেই বিধ্বস্ত হ’ল পথছোৱা। পথটোৰ বিষয়ে খণ্ড উন্নয়ন বিষয়া মিনাক্ষী মহন্তক অৱগত কৰাত লিখিত আকাৰে দিবলৈ কৈছিল কিন্তু অভিযোগ ল’বলৈ অস্বীকাৰ কৰিলে সম্পাদকগৰাকীয়ে। উল্লেখ্য যে, উক্ত কামছোৱা কৰিছিল মিলিকবস্তি পঞ্চায়তৰ সভানেত্ৰীগৰাকীৰ ভিনিহিয়েক পঞ্চানন নামৰ এজন ঠিকাদাৰে। বৰ্তমান খণ্ড উন্নয়ন বিষয়া আৰু অভিযন্তা নোহোৱাকৈয়ে পুনঃনিৰ্মাণৰ কাম চলাইছে বিতৰ্কিত পঞ্চানন চৌহানে। বৰ্তমান উচিত তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় মুখ খুলিছে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী বসন্ত সিংহ আৰু স্থানীয় নেত্ৰীবৃন্দই।