ৰাষ্ট্ৰীয়
বৰপেটাঃ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ভাৰতীয় ষ্টেট বেংকৰ কলগাছিয়া শাখাৰ চাৰিজনকৈ কৰ্মচাৰী কৰ’নাত আক্ৰান্ত হোৱাৰ ফলত কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দীপাংকৰ কলিতাই অনিৰ্দিষ্ট কাললৈ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰে। ফলত বেংক বন্ধ থকাত গ্ৰাহকসকলে বেংকৰ সন্মুখৰ পৰা উভতি যাবলগীয়া হৈছে।
নিজৰ একাউণ্টত জমা থোৱা টকাৰ লেনদেন কৰিবলৈ অহাৰ লগতে বহুতেই আহিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা, অৰুণোদয়, জব কাৰ্ড, বৃদ্ধপেঞ্চন আদিৰ টকা তুলিবলৈ কিন্তু হঠাতে অনিৰ্দিষ্টকাললৈ বেংক বন্ধ থকাৰ ঘটনাই বিপাঙত পৰিছে গ্ৰাহকসকল| যাৰ ফলত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে| অতিশীঘ্ৰে বেংকত ছেনিটাইজ কৰি বেংক খুলি দিবলৈ ৰাইজে দাবী উত্থাপন কৰিছে।
Leave A Comment