• কলঙত জপিয়ালে কিশোৰেঃ এছডিআৰএফৰ অভিযান অব্যাহত

    আঞ্চলিক
    কলঙত জপিয়ালে কিশোৰেঃ এছডিআৰএফৰ অভিযান অব্যাহত

    নগাঁওঃ নগাঁও জিলাৰ কলং নৈত মঙলবাৰে পুৱাই জাপ দিলে এটি ১৫ বছৰীয়া কিশোৰে। নগাঁও চহৰৰ ‘আৱৰ্ত ভৱন’ৰ সন্মুখৰ দলঙৰ পৰা জাপ দিয়ে কিশোৰটিয়ে৷ কলঙত কিশোৰজনে জাপ দিয়া প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে এজন টমটম চালকে।





    আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে এছডিআৰএফৰ জৰিয়তে কিশোৰজনৰ সন্ধানত কলঙৰ বুকুত অভিযান চলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷






    ইফালে, দলঙৰ ওপৰত কিশোৰটিয়ে এৰি থৈ যোৱা চেণ্ডেল প্ৰত্যক্ষ কৰি কলঙত জাপ দিয়া কিশোৰটি তেলিয়াপট্টীৰ ৰনি সিং বুলি সন্দেহ কৰিছে পিতৃযে৷ ঘৰৰ পৰা পুৱাই সন্ধানহীন হৈ আছিল ৰনি সিং৷