গুৱাহাটী : শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম চৰকাৰ বিশেষ অভিনন্দন অনুষ্ঠান। অলিম্পিকৰ পদকজয়ী লাভলীনা বৰগোহাঁইৰ বাবে আড়ম্বৰপূৰ্ণ আয়োজন। অভিনন্দন অনুষ্ঠানত উপস্থিত দিল্লীৰ পৰা আহি উপস্থিত হয় ভাৰত গৌৰৱ লাভলীনা বৰগোহাঁই৷ মঞ্চত উপস্থিত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অৰ্জুন ভোগেশ্বৰ বৰুৱা, লাভলীনাৰ পিতৃসহ অসম চৰকাৰৰ মন্ত্ৰী-বিধায়কসকল৷
লাভলীনাক অসম আৰক্ষীৰ উপ আৰক্ষী অধীক্ষকৰ পদত যোগদান কৰিবলৈ অনুষ্ঠানতে অনুৰোধ জনায় মুখ্যমন্ত্ৰীয়ে। তদুপৰি উপহাৰস্বৰূপে লাভলীনালৈ অসম চৰকাৰে আগবঢ়ায় ১ কোটি টকা৷ এই অনুষ্ঠানত খেলুৱৈগৰাকীয়ে সকলোকে ধন্যবাদ জনাই পেৰিচ অলিম্পিকত সোণৰ পদক আনিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ লগতে তেওঁ কয়, ‘মই অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিছোঁ যে মই সোণ আনিব নোৱাৰিলোঁ।’
তদুপৰি পেৰিচ অলিম্পিকৰ বাবে অনুশীলনৰ বাবে চৰকাৰে প্ৰতি মাহে ১ লাখ টকাকৈ আগবঢ়াব বক্সাৰগৰাকীলৈ৷ গুৱাহাটীত লাভলীনাৰ নামত এটা পথ হোৱাৰ লগতে সৰুপথাৰ সমষ্টিত ২৫ কোটি টকাৰে লাভলীনাৰ নামত ক্ৰীড়া প্ৰকল্প স্থাপনৰ কথাও আজি ঘোষণা কৰা হয়। লাভলীনাৰ আটাইকেইগৰাকী প্ৰশিক্ষকক ১০লাখ টকাকৈ আগবঢ়াব চৰকাৰে৷ লাভলীনাৰ ৪ গৰাকী প্ৰশিক্ষকক ১০ লাখ টকাকৈ প্ৰদান কৰিব চৰকাৰে৷
Leave A Comment