North East
কলিয়াবৰঃ কলিয়াবৰৰ ৰহধলা গাঁও পঞ্চায়তত স্থাপন কৰা আধাৰ কেন্দ্ৰত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে। আধাৰ কাৰ্ড বনোৱাৰ নামত কেন্দ্ৰটোৰ এনৰ’লমেণ্ট ছুপাৰ ভাইজাৰ ছাদিকোৰ ইছলামে ধনসংগ্ৰহ কৰাৰ অভিযোগ হিতাধিকাৰীৰ।
সংশ্লিষ্ট পঞ্চায়তখনে আধাৰ কাৰ্ডৰ নামত ধন লোৱাৰ কথা স্বীকাৰ কৰে আৰু এইক্ষেত্ৰত তেওঁলোকৰ কৰণীয় নাই বুলি জানিবলৈ দিয়ে। কাৰ্যালয়টোৰ বাহিৰত নতুন আধাৰ কাৰ্ড বিনামূলীয়া, বাইঅ'মেট্ৰিক আপডেট আৰু শুধৰণিৰ বাবে এশ টকাকৈ দিব লগাৰ এখন জাননী আঁৰি থোৱা দেখা পোৱা গৈছে।
নতুন আধাৰ কাৰ্ড বিনামূলীয়া বুলি লিখাৰ পাছতো বহু হিতাধিকাৰীৰ পৰা এশ-দুশ টকা ছুপাৰ ভাইজাৰগৰাকীয়ে লোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
Leave A Comment