Regional
জাগীৰোড : অৱশেষত বন্ধ হৈ থকা কাগজ কলৰ কৰ্মচাৰীলৈ আহিল ভাল খবৰটো ৷ সম্পন্ন হ’ল মুখ্যমন্ত্ৰীৰ সৈতে কৰ্মচাৰীৰ অন্তিমখন বৈঠক ৷ এই বৈঠকত প্ৰায় ৫৭০ কোটি টকা মোকলাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷
বৈঠকৰ পাছতে কাগজ কলৰ কৰ্মচাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই টুইটযোগে অনাদায় দৰমহা সন্দৰ্ভত বুজাবুজি হোৱা বুলি ঘোষণা কৰে৷ মাজনিশা ২ বজালৈ কাগজ কলৰ কৰ্মীৰ সৈতে ৪ ঘণ্টা ধৰি চলিল মুখ্যমন্ত্ৰীৰ সৈতে বৈঠক৷ কাগজ কলৰ কৰ্মচাৰীৰ দীৰ্ঘদিনীয়া দাবীৰ ক্ষেত্ৰত সমাধান সূত্ৰ ওলোৱা বুলি প্ৰকাশ কৰে টুইটযোগে৷
দুমাহৰ ভিতৰত মুকলাই দিয়া হ'ব ৫৭০ কোটি টকা ৷ এই খৱৰৰ পাছতে এতিয়া স্বস্তিৰ নিশ্বাস এৰিছে নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীয়ে ৷ উল্লেখ্য যে কাগজ কলৰ কৰ্মচাৰীক বিগত মাহত আৱাসগৃহ খালী কৰাৰ নিৰ্দেশ দিছিল চৰকাৰে৷ ইয়াৰ পূৰ্বেই কৰ্মচাৰীৰ দৰমহা আদায় দিয়া হ'ব ৷ লগতে ১০০ কৰ্মচাৰীক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰো সিদ্ধান্ত লোৱা হয়৷
কৰ্মচাৰীয়ে ধন লাভ কৰাৰ পাছত খালী কৰিব লাগিব আবাসগৃহ ৷ অৱশ্যে চিকিৎসা-শিক্ষা আদিৰ কাৰণত অতিৰিক্ত এমাহৰ পাছত আবাস এৰিব লাগিব ৷ বেছি দিনলৈ চাকৰিৰ সময়সীমা থকা ১০০ কৰ্মচাৰীক পুনৰ সংস্থাপন কৰা হ'ব ৷ ইয়াৰে নগাঁও কাগজ কলৰ ৪৬ জন, কাছাৰ কাগজ কলৰ ৫০ জন আৰু কলিকতাৰ মূখ্য কাৰ্যালয়ৰ ৪ জন সংস্থাপন ৷
Leave A Comment