• কাছাৰত ডকাইতি কাণ্ডঃ লুটিলে ধনসহ আ-অলংকাৰ

    আঞ্চলিক
    কাছাৰত ডকাইতি কাণ্ডঃ লুটিলে ধনসহ আ-অলংকাৰ

    কাছাৰঃ কাছাৰ জিলাৰ বুধুৰাইলত অঞ্চলত নিশা সংঘটিত হয় এক ডকাইতি কাণ্ড। একেলগে দুটা ঘৰত সোমাই বন্দুকধাৰী ডকাইতৰ দলে লুটিলে নগদ ধনসহ সোণৰ আ-অলংকাৰ৷





    ক’ভিডসৃষ্ট পৰিস্থিতিৰ সন্দৰ্ভত হিমন্ত বিশ্বৰ মন্তব্য! সাজু হ’ব ১,০৫০খন বিচনা





    জানিব পৰা মতে নিশা বন্দুকধাৰী ২০জনীয়া এটা ডকাইতৰ দলে দিধাৰ আহমেদ লস্কৰ আৰু তেওঁৰ ভাইটি আনোওয়াৰ হুছেইন লস্কৰ নামৰ দুয়োজন‌ ব্যক্তিৰ ঘৰত দৰ্জা ভাঙি সোমাই ঘৰৰ ভিতৰত শূন্যলৈ গুলী চলাই ঘৰৰ লোকসকলক বন্দুক ধৰি ২লাখ নগদ ধনসহ প্ৰায় ১০ লাখ টকাৰ সোণৰ আ-অলংকাৰ লুটি লৈ যায় ডকাইতৰ দলটোৱে৷





    কৰ’নাৰ কালৰূপ : শুকুৰবাৰে নতুনকৈ ক’ভিডত আক্ৰান্ত ৩ লক্ষাধিক লোক





    লগতে ডকাইতৰ দলটোৰ আক্ৰমণত আহত হয় পৰিয়ালৰ পাঁচজনকৈ লোক। এই সমস্ত ঘটনাক লৈ তীব্ৰ চাঞ্চল্যই দেখা দিছে অঞ্চলটোত।