• কানপুৰত বিজয়বঞ্চিত ভাৰত, তথাপি দ্ৰাবিড়ৰ মুখত সুখৰ উখল-মাখল, কিউৰেটৰক যাচিলে ৩৫হাজাৰৰ পুৰস্কাৰ

    আঞ্চলিক
    কানপুৰত বিজয়বঞ্চিত ভাৰত, তথাপি দ্ৰাবিড়ৰ মুখত সুখৰ উখল-মাখল, কিউৰেটৰক যাচিলে ৩৫হাজাৰৰ পুৰস্কাৰ

    নতুন দিল্লী : যিটো সময়ত ভাৰতীয় দলৰ ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনে গ্ৰীণ পাৰ্কৰ পিটছখনক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে তেনে সময়তে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে পিটছ নিৰ্মাতাসকলক ৩৫,০০০ টকাৰ পুৰস্কাৰ প্ৰদান কৰিছে। সোমবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথম টেষ্টৰ সামৰণি পৰাৰ পাছত ভাৰতীয় প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে এই ঘোষণা কৰে। শিৱ কুমাৰৰ নেতৃত্বত পিটচ নিৰ্মাতা আৰু ফিল্ডমেনৰ মাজত এই ধনৰাশিৰ ভাগ-বতৰা কৰা হ’ব বুলি জানিব পৰা গৈছে। ভাৰতীয় মূলৰ দুজন ক্ৰিকেটাৰ ৰচীন ৰবীন্দ্ৰ আৰু আজাজ পেটেলে কানপুৰ টেষ্টৰ অন্তিম দিনৰ খেলত ভাৰতৰ বিৰুদ্ধে নিশ্চিত পৰাজয়ৰ পৰা ৰক্ষা কৰে নিউজিলেণ্ডক।









    কিন্তু, অন্তিম দিনটোলৈকে খেলখনে প্ৰদান কৰা ৰোমাঞ্চত উত্‍ফুল্লিত দ্ৰাবিড়। ভাৰতীয় ক্ৰিকেটাৰৰ প্ৰদৰ্শনেও সুখী কৰি তুলিছে ৰাহুল দ্ৰাবিড়ক। দ্ৰাবিড়ৰ নেতৃত্বত ভাৰতীয় ক্ৰিকেট দলে এক নতুন মাত্ৰা পাব বুলি আশাবাদী ক্ৰীড়ানুৰাগী। দ্ৰাবিড়ৰৰ শেহতীয়া পদক্ষেপৰ প্ৰতিও অনুৰাগীয়ে জনাইছে সঁহাৰি। অশ্বিনে পিটছখনক লৈ অসুখী হ’লেও বিতৰ্কৰ ভয়ত মুখ খুলিব বিচৰা নাছিল। এই সন্দৰ্ভত মন্তব্য কৰিলে বিতৰ্ক হ'ব পাৰে বুলি ভাবি অশ্বিনে বিষয়টো এৰাই চলিছিল। অৱশ্যে, ভাৰতে জয়লাভ কৰিব নোৱাৰিলেও কিন্তু শ্ৰেয়াছ আয়াৰ আৰু অক্ষৰ পেটেলৰ চমকপ্ৰদ প্ৰদৰ্শনে দ্ৰাবিড়ক সুখী কৰি তুলিছে। দ্ৰাবিড়ৰ সততা আৰু সংযমী মনোভাৱে আকৃষ্ট কৰিছে সকলোকে। স্মৰ্তব্য যে, নিজৰ খেলুৱৈ জীৱনটো নিষ্ঠা আৰু সততাৰে খেলিবলৈ চেষ্টা কৰিছিল দ্ৰাবিড়ে। বিতৰ্কৰ পৰা এৰাই চলিছিল দ্ৰাবিড়ে। পিটছ নিৰ্মাতাসকলে যিধৰণে নিজৰ বুদ্ধিমত্তাৰ প্ৰদৰ্শন তুলি ধৰিছে তাৰ প্ৰতি আকৃষ্ট হৈ পুৰস্কাৰ হিচাপে এই ধন প্ৰদান কৰা বুলি জানিবলৈ পোৱা গৈছে।