International
Nepal's newly elected President Ramchandra Paudel was admitted to Tribhuwan University Teaching Hospital in Kathmandu's Maharajgunj after...
কলিয়াবৰঃ ৰাজ্যত কালিৰে পৰা প্ৰযোজ্য হৈছে নতুন এছঅ’পি। ক’ভিড বিধি মানি চৰকাৰী কৰ্মচাৰীক কৰ্তব্যত উপস্থিত থকাৰ নিৰ্দেশনা প্ৰদান কৰিছে স্বাস্থ্যমন্ত্ৰীয়ে। পিছে প্ৰথমদিনাই স্বাস্থ্যমন্ত্ৰীৰ গৃহ সমষ্টিতে ঘটিল অঘটন। সময়মতে কৰ্তব্যত উপস্থিত নথকা কলিয়াবৰ ৰাজহচক্ৰ কাৰ্যালয়ৰ ৯গৰাকী কৰ্মচাৰীক মহকুমা প্ৰশাসনে দিব লগা হৈছে কাৰণ দৰ্শোৱাৰ জাননী।
কাৰ্যালয়টোত ১০-৩০ বজালৈকে উপস্থিত নাছিল এগৰাকী কৰ্মচাৰীও। ‘প্ৰাগ নিউজ’ৰ এগৰাকী সাংবাদিকে বিষয়টো ৰাজহুৱাভাৱে প্ৰচাৰ কৰাৰ লগে লগে কাৰ্যালয়টোত উপস্থিত হয় কলিয়াবৰৰ মহকুমাধিপতি পবিত্ৰ কুমাৰ দাস। অকৰ্তৃত্বশীলভাৱে অনুপস্থিত থকা ৯গৰাকী কৰ্মচাৰীক কাৰণ দৰ্শোৱাৰ জাননী প্ৰদান কৰে। ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ উপৰি কেইবাটাও চৰকাৰী কাৰ্যালয় পৰিদৰ্শন কৰে মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে।
Leave A Comment