• কাৰাগাৰতে পুনৰ গ্ৰেপ্তাৰ ৰাজকন্যা বৰুৱাক...

    আঞ্চলিক
    কাৰাগাৰতে পুনৰ গ্ৰেপ্তাৰ ৰাজকন্যা বৰুৱাক...

    ডিজিটেল ডেস্কঃ ৰাজকন্যা বৰুৱা, কুখ্যাতিৰে বিখ্যাত হোৱা সদা পৰিচিত এই যুৱতী গৰাকীকক চিনি নাপাই কোনে৷ পেছাত ইভেণ্ট মেনেজমেণ্টৰ সৈতে জড়িত আছিল যুৱতীগৰাকী৷ ‘হোটেল তাজ ভিভাণ্টা’ত বাৰ্থ ডে’ পাৰ্টী কৰি নিশা গৃহ অভিমুখে গৈ থকা অৱস্থাত ৰুক্মিণী গাঁৱৰ কালভাৰ্টৰ সমীপত তীব্ৰবেগত অন্য এখন বাহনত খুন্দা মাৰে মাতাল মডেল গৰাকীয়ে৷





    মাতাল মডেল গৰাকীৰ গাড়ীৰ খুন্দাত আহত হোৱা ৮ জন লোকক সংকটজনক অৱস্থাত জিএমচিএইচত ভৰ্তি কৰাব লগা হৈছিল৷ দুৰ্ঘটনাত ইতিমধ্যে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা যোচেফ মাৰাকাৰৰ আজি কিছুদিনৰ আগতে মৃত্যু হৈছে৷ বৰ্তমান কাৰাবন্দী হৈ থকা মডেলগৰাকীৰ ওৰপত জাৰি কৰিছে ইটোৰ-ওপৰত সিটো ধাৰা৷





    শেহতীয়া খবৰ অনুসৰি, কেন্দ্ৰীয় কাৰাগাৰতে পুনৰ গ্ৰেপ্তাৰ ৰাজকন্যা বৰুৱাক৷ দিছপুৰ আৰক্ষীয়ে শুকুৰবাৰে কাৰাগাৰতে shown arrest কৰে ৰাজকন্যাক৷ প্ৰথম গোচৰটোত লাভ কৰা জামিন বুধবাৰে নাকচ কৰিছিল সত্ৰ ন্যায়াধীশৰ আদালতে৷দিছপুৰ থানাৰ 3616/ 2021 নম্বৰৰ গোচৰটোত গ্ৰেপ্তাৰৰ পিছদিনাই জামিন পাইছিল ৰাজকন্যাই৷জামিনৰ পিছতে চৰকাৰী পক্ষই জামিন আবেদন নাকচৰ বাবে সত্ৰ ন্যায়াধীশৰ আদালতত আবেদন জনাইছিল৷ সেই আবেদনৰ শুনানী গ্ৰহন কৰি বুধবাৰে ৰাজকন্যাৰ জামিন নাকচ কৰে৷ জামিন নাকচৰ পিছতে শুকুৰবাৰে পুনৰ গ্ৰেপ্তাৰ কৰা হয় ৰাজকন্যা বৰুৱাক৷ গ্ৰেপ্তাৰ কৰি CJM আদালতত হাজিৰ কৰোৱা হৈছে ৰাজকন্যা বৰুৱাক