Education
India has also advanced from sixth place last year to the fourth most well-represented country in the 2024 rankings.
গুৱাহাটীঃ সান্ধ্য আইন উলংঘা কৰি সান্ধ্যভ্ৰমণলৈ যোৱা লোকসকলৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী। কৰ'না সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰীত ৫বজাৰ পৰা জাৰি হৈ আছে সান্ধ্য আইন। কিন্তু দেখা গৈছে যে, সান্ধ্য ভ্ৰমণ কৰাৰ নামত ভালেসংখ্যক লোকে সন্ধিয়াৰ ভাগত ৰাস্তাত ভিৰ কৰি আহিছে। এইসকল লোকে আইন উলংঘা কৰাই নহয়, জনস্বাস্থ্যৰ প্ৰতিও কঢ়িয়াই আনিছে ভাবুকি।
নানা সতৰ্কবাণীয়ে কাম নিদিয়াৰ পাছত এইসকল লোকৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যতিক্ৰমী শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। সান্ধ্য আইনৰ সময়ত পথত খোজকাঢ়িবলৈ ওলাই অহা লোকসকলক কালি আৰক্ষীয়ে চাৰিখন বাছেৰে বিভিন্ন স্থানৰ পৰা লৈ যায় আৰু তাৰ পাছত গুৱাহাটী বিমানবন্দৰৰ সমীপত নমাই দিয়ে। সান্ধ্য আইন ভংগকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ এই কঠোৰ তথা ব্যতিক্ৰমী শাস্তিমূলক ব্যৱস্থাই এতিয়া চৰ্চা লাভ কৰিছে। আৰক্ষীৰ এই ব্যৱস্থাই এইসকল আইনভংগকাৰীক এনে কাৰ্যৰ পৰা বিৰত ৰাখিব নে নাই সেয়া সময়েহে ক'ব।
Leave A Comment