• কাৰ অৱহেলাৰ বাবে সংঘটিত হ'ল নাও দুৰ্ঘটনা !

    আঞ্চলিক
    কাৰ অৱহেলাৰ বাবে সংঘটিত হ'ল নাও দুৰ্ঘটনা !

    যোৰহাট : নিমাতীঘাট-মাজুলীৰ শোকাৱহ নাও দুৰ্ঘটনাৰ অনুসন্ধানৰ বৰ্তমানেও অব্যাহত আছে৷ দুৰ্ঘটনাগ্ৰস্ত 'মা কমলা' নামৰ ব্যক্তিগত ফেৰীখনৰ মালিক পানীৰাম কলিতা। প্ৰায় ৩খন ব্যক্তিগত ফেৰীৰে নিমাতী আৰু কমলাবাৰীঘাটৰ মাজত ফেৰী সেৱাৰ স্বত্বাধিকাৰী পানীৰাম কলিতা। দুয়োটা ফেৰী ঘাটতে কোনখন ফেৰী কেতিয়া চলিব সেয়া নিৰ্ধাৰণ কৰে এই পানীৰাম কলিতাই। ব্যক্তিগত ফেৰীৰ দীৰ্ঘদিন ধৰি ৰাজত্ব চলাই যোৱা পানীৰামে ম্যাদ উকলা ফেৰীৰে ব্যৱসায় চলাই যোৱাৰ দীৰ্ঘদিনীয়া অভিযোগ উত্থাপিত হৈছে।





    উল্লেখ্য যে পানীৰাম কলিতাৰ মাজুলী আৰু যোৰহাটত আছে দুটাকৈ পে’ট্ৰলৰ ডিপ’। এই ডিপ’ৰ পৰাই ফেৰীসমূহলৈ যোগান হয় ইন্ধন। ইয়াৰ উপৰিও এই ঘাটত আন ৫খন ব্যক্তিগত ফেৰী আভ্যন্তৰীণ জল পৰিবহণৰ বিষয়াৰ পৰিয়ালৰ নামত আছে আৰু এই ফেৰী চলে পানীৰামৰ পৃষ্টপোষকতাত। জল পৰিবহণৰ সকলো কৰ্মচাৰী পানীৰাম কলিতাৰ ছিণ্ডিকেটৰ হাতোৰাত বন্দী এতিয়া।





    ২০১৮ চনত উত্তৰ গুৱাহাটীত সংঘটিত নাও দুৰ্ঘটনাৰ পিছত এটা ইঞ্জিনযুক্ত নাৱৰ ফিটনেছ প্ৰমাণ-পত্ৰ বন্ধ কৰা হৈছিল ৰাজ্যজুৰি। কিন্তু ছিণ্ডিকেটৰ শীৰ্ষস্থানত থকা পানীৰাম কলিতাৰ নিমাতি-মাজুলীৰ মাজত চলাচল কৰা সকলো ব্যক্তিগত ফেৰীৰেই ফিটনেছ চাৰ্টিফিকেট নথকাৰ অভিযোগ উত্থাপিত হৈছে। আনহাতে এনে ফেৰীত যান-বাহনৰ ভাড়া আৰু যাত্ৰীৰ ভাড়া নিজৰ খেয়ালখুচি মতে লোৱাৰো অভিযোগ আছে। পানীৰাম কলিতাৰ দৰে ফেৰী চৰ্দাৰে নিয়ন্ত্ৰণ কৰা ব্যৱসায়টোৰ বাবে লুইতৰ বুকুত সৃষ্টি হ’ল ভয়ানক দুৰ্ঘটনা।