• কিং কোহলীৰ কলংকিত অধ্যায়, ক্ষোভিত বিচিচিআই

    আঞ্চলিক
    কিং কোহলীৰ কলংকিত অধ্যায়, ক্ষোভিত বিচিচিআই

    নতুন দিল্লীঃ অধিনায়ক পদৰ পৰা বিৰাট কোহলীক অপসাৰিত কৰাৰ আলোচনা পূৰ্বৰ পৰাই চলি আছিল। অপেক্ষা আছিল কেবল আনুষ্ঠানিক ঘোষণাৰ। কিন্তু সকলোকে আচৰিত কৰি বৃহস্পতিবাৰে কোহলীৰ মেগা ঘোষণা-অধিনায়ক পদৰ পৰা অব্যাহতি ল’ব তাৰকা ক্ৰিকেটাৰগৰাকীয়ে। কোহলীৰ ঘোষণাই এটা দিন অতিক্ৰম নকৰোতেই পুনৰ সমালোচনাৰ সন্মুখীন হৈছে তাৰকা ক্ৰিকেটাৰগৰাকী। পোহৰলৈ আহিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য। কোহলীৰ বিৰুদ্ধে উত্থাপিত হৈছে এটাৰ পাছত এটা অভিযোগ।





    জানিবলৈ পোৱা মতে, ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সৈতে সঘন মনোমালিন্য চলিছিল কোহলীৰ। ৰোহিত শৰ্মাক সহঃঅধিনায়ক পদৰ পৰা অপসাৰিত কৰিব লাগে বুলিও আবেদন কৰিছিল ব’ৰ্ডক। ৰোহিত শৰ্মাৰ বয়সৰ প্ৰসংগ উত্থাপন কৰি তেওঁৰ পৰিৱৰ্তে কেএল ৰাহুলক সহঃঅধিনায়ক পদৰ বাবে মনোনীত কৰাৰ কথা কৈছিল বিচিচিআইক। অৱশ্যে, কোহলীৰ কথাৰ পৰা গা এৰাই চলিছিল বিচিচিআই। ইফালে ব’ৰ্ডৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ৰোহিত শৰ্মাক সহঃঅধিনায়ক পদৰ পৰা আঁতৰোৱাৰ দাবী কোনো পধ্যেই মানি ল’ব পৰা নাই বিচিচিআই-এ। আনকি ভাৰতীয় ক্ৰিকেট দলৰ উত্তৰসূৰীক প্ৰাধান্য দিব পৰাকৈ তাৰকা ক্ৰিকেটাৰ গৰাকীৰ সত্‍ মানসিকতাৰ অভাব বুলিও ব’ৰ্ডে প্ৰকাশ কৰিছে।






    উল্লেখ্য যে, দল আৰু পৰিষদৰ সমৰ্থন হেৰুওৱাই ক্ৰমশঃ অকলশৰীয়া হৈ পৰিছিল কিং কোহলী। সেয়েহে, ব’ৰ্ডে অধিনায়ক পদৰ পৰা অপসাৰিত কৰাৰ পূৰ্বে কোহলীয়ে নিজেই আঁতৰি যোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ইফালে, ভাৰতীয় দলৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়েও টি-২০ বিশ্বকাপৰ পাছত পদ ত্যাগ কৰিব। তেনেস্থলত ভাৰতীয় ক্ৰিকেট দলৰ ভৱিষ্যতক লৈ সন্দিহান হৈ পৰা পৰিলক্ষিত হৈছে ক্ৰীড়ামহল।