Sci & Tech
Metaverse ecosystems offer completely working virtual environments in which people may collaborate, play games, and...
গোৰেশ্বৰঃ গোৰেশ্বৰত এগৰাকী কিশোৰীক ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগ এজন যুৱকৰ বিৰুদ্ধে। ছাদ্দাম আলী(২৪) নামৰ এজন যুৱকে ধৰ্ষণৰ চেষ্টা চলাইছিল এগৰাকী ১৩ বছৰীয়া কিশোৰীক৷ গোৰেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত মুকুন্দপুৰত সংঘটিত হৈছে এই ঘটনা৷
ঘটনা সন্দৰ্ভত গোৰেশ্বৰ থানাত এজেহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে৷ এজাহাৰৰ ভিত্তিত অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে গোৰেশ্বৰ আৰক্ষীয়ে। ছাদ্দাম আলীৰ সম্পৰ্কীয় ভাগিনীয়েক হয় ধৰ্ষিতা কিশোৰীগৰাকী। জানিব পৰা মতে মঙলবাৰে দিন-দুপৰতে লম্পটজনে নাবালিকাগৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ ধৰ্ষণৰ চেষ্টা চলায়৷ কিশোৰীগৰাকীয়ে চিঞৰ-বাখৰ কৰাত ওচৰৰ লোক আহি ঘটনাস্থলীত উপস্থিত হয় আৰু লম্পটজনে পলায়ন কৰে৷ গোৰেশ্বৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৩৭৬, ৫১১ ধাৰাৰ ভিত্তিত জিএছআৰপিএছ ১২৪/২১ নম্বৰত এটি গোচৰ ৰুজু কৰিছে। অভিযুক্তক কঠোৰ শাস্তি প্ৰদানৰ দাবী কৰিছে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোক তথা বিভিন্ন দল-সংগঠনে৷
Leave A Comment