• কিশোৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ

    আঞ্চলিক
    কিশোৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ

    গোৱালপাৰা : গোৱালপাৰা জিলাৰ ধনুভাঙাৰ শিলডুবীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড৷ পিতৃক দাৰে ঘপিয়াই হত্যা কৰিলে ১৭ বছৰীয়া এজন কিশোৰে৷ ধূপধৰা আৰক্ষী থানাৰ অন্তৰ্গত ধনুভাঙাৰ শিলডুবীত আজি পুৱা পিতৃ বাহুৰাম কছাৰীৰ সৈতে পুত্ৰৰ কাজিয়াৰ সূত্ৰপাত ঘটে৷ আৰু পাছত উত্তেজিত পুত্ৰই দাৰে মূৰত ঘপিযায়, ফলত ঘটনাস্থলীতে মৃত্যু ঘটে পিতৃৰ আৰু হুৱাদুৱা লাগে গাঁওখনত৷





    ঘটনা সংঘটিত হোৱাৰ পাছত আৰক্ষীক খবৰ দিয়ে স্থানীয় ৰাইজে৷ ঘটনাস্থলীত ধূপধৰা আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষা ব্যৱস্থা কৰা হয়৷ পিতৃৰ হত্যাকাৰী কিশোৰজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি আমাৰ সাংবাদিকে জনাইছে৷





    জানিব পৰা মতে মৃত লোকগৰাকীয়ে সুৰাপান কৰি প্ৰায়ে ঘৰত কাজিয়াত লিপ্ত হয়৷ আৰু তাৰেই পৰিণতিতে এই হত্যাকাণ্ড সংঘটিত হ’ব পাৰে বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে৷