• কি কথাৰে মঞ্চতে আৱেগিক হৈ পৰিল অৰ্জুন ভোগেশ্বৰ বৰুৱা !

    আঞ্চলিক
    কি কথাৰে মঞ্চতে আৱেগিক হৈ পৰিল অৰ্জুন ভোগেশ্বৰ বৰুৱা !

    গুৱাহাটী : অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ৮৫সংখ্যক জন্মদিন উপলক্ষে ৰাজ্য চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি উদযাপন কৰে ক্ৰীড়া দিৱসৰ। অভিৰুচি ক্ৰীড়া দিৱসৰ কাৰ্যসূচীৰ লগতে ৰাজ্য চৰকাৰে ক্ৰীড়া পেঞ্চন দিৱস উদযাপন। এই অনুষ্ঠানত উপস্থিত হৈ চৰকাৰী বিভাগত খেলুৱৈৰ বাবে বিশেষ পদ সংৰক্ষণৰ ব্যৱস্থা কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে৷ অৰ্জুন বৰুৱাই তেঁও খেলুৱৈ সময়ছোৱাৰ কথা সোঁৱৰী আৱেগিক হৈ পৰে৷





    এই অনুষ্ঠানত অৰ্জুন ভোগেশ্বৰ বৰুৱাই চৰকাৰে আজি যি দায়িত্ব বহন কৰিলে তাক লৈ যথেষ্ট সুখী বুলি কয়৷ অলিম্পিকৰ বাবে অযোগ্য বিবেচিত হৈছিলোঁ বুলি অনুষ্ঠানত আৱেগিক হৈ বৰুৱাই কয়, "মনত যি অকণমান দোষ আছিল, সেই দোষ আজি নাইকিয়া হল। যি সময়ত মই অসমৰ পৰা খেলিছিলো সেই সময়ত মোক কোনেও চিনি পোৱা নাছিল। ১৯৬৪কেইজনমান লোকৰৰ ৰাজনীতিৰ বাবে মই প্ৰথমবাৰৰ বাবে বিফল হৈছিলোঁ৷"





    এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে ৰাজ্যপাল জগদীশ মূখী , ক্ৰীড়া মন্ত্ৰী বিমল বৰা আৰু মন্ত্ৰী পৰিমল শুক্লবৈদ্যও। ১৯৩৭ চনত জয়সাগৰ জন্ম হোৱা ভোগেশ্বৰ বৰুৱাই ১৯৬৬ চনত এছিয়ান গেমছত দৌৰত পাইছিল সোণৰ পদক৷