• কুইপ’ৰ ২ বিষয়াক চৰম শাস্তিৰ ঘোষণা আলফা(স্বা)ৰ...

    আঞ্চলিক
    কুইপ’ৰ ২ বিষয়াক চৰম শাস্তিৰ ঘোষণা আলফা(স্বা)ৰ...

    গুৱাহাটী : অপহৃত কুইপ’ৰ ২ বিষয়াক চৰম শাস্তিৰ ঘোষণা কৰে আলফা(স্বা)-এ৷ মুক্তিপণ আদায় নিদিয়াত চৰম শাস্তি ঘোষণা কৰে আলফাই৷ দুই কৰ্মচাৰী প্ৰণৱ গগৈ, ৰাম কুমাৰৰ জীৱনক লৈ চৰম অনিশ্চয়তাত পৰিছে পৰিয়ালৰ লোক৷





    আৰু পঢ়িব পাৰিব : মানৱ সৰবৰাহকাৰী দম্পত্তিক গ্ৰেপ্তাৰ ওদালগুৰিৰ চাহ বাগিছাত…





    আলফাই প্ৰকাশ কৰা এক বিবৃতি অনুসৰি এসপ্তাহৰ ভিতৰত দুয়োগৰাকীক মৃত্যুদণ্ড দিব বুলি হুংকাৰ প্ৰদান কৰে৷ ৪ দিন ধৰি চলা আলোচনাত কোনো সমাধান সূত্ৰ নোলাল৷ মুক্তিপণ হিচাপে আলফাই দাবী কৰিছিল ২০ কোটি টকা৷





    আৰু পঢ়িব পাৰিব : বিশ্বনাথ, কাজিৰঙা, কাছাৰত পথ দুৰ্ঘটনা: মৃত ৬জন, আহত ১৬জনৰো অধিক





    ইপিনে বিষয়া দুজনক মুক্তি দিবলৈ আলফাক সকলো পক্ষই আহ্বান জনায়৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো পৰেশ বৰুৱালৈ মুকলি আহ্বান জনাই কয়, "প্ৰণৱ গগৈ, ৰামকুমাৰক মুকলি কৰি দিয়ক আলফা (স্বাঃ)ই৷ ২ অভিযন্তাৰ ‘কিবা’ হ’লে বিশ্বৰ সন্মুখত শিৰণত হ’ব অসমবাসী৷"