• কুখ্যাত অপৰাধীৰ বিৰুদ্ধে কঠোৰ হ’ব অসম আৰক্ষীঃ ডিজিপি

    আঞ্চলিক
    কুখ্যাত অপৰাধীৰ বিৰুদ্ধে কঠোৰ হ’ব অসম আৰক্ষীঃ ডিজিপি

    গুৱাহাটীঃ অসম আৰক্ষীৰ এনকাউণ্টাৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই৷ কুখ্যাত অপৰাধীৰ বিৰুদ্ধে আৰু অধিক কঠোৰ হ’ব অসম আৰক্ষী৷ চিআইডিৰ কাৰ্যালয়ত নতুনকৈ আৰম্ভ হৈছে চাইবাৰ ফৰেনছিক বিজ্ঞানাগাৰ৷ ৰাজ্যৰ প্ৰতিখন থানাতে এতিয়াৰেপৰা থাকিব চাইবাৰ কিট।





    দুই-এদিনতে গুৱাহাটীৰ প্ৰতিখন থানাত আৰম্ভ হ’ব চাইবাৰ কিটৰ কাম৷ প্ৰতিখন থানাতেই চাইবাৰ অপৰাধৰ তদন্ত হ’ব এই কিটৰ জৰিয়তে৷ ধৰ্ষণকাণ্ডৰ তদন্তৰ বাবেও এই বিশেষ কিটৰ ব্যৱস্থা আৰক্ষীৰ৷ প্ৰতিখন থানাৰ মহিলা আৰক্ষীয়ে ব্যৱহাৰ কৰিব এই বিশেষ কিট৷ বদ্ৰী প্ৰসাদৰ ধনৰ ভাগ ডিআইজিলৈ যোৱাৰ তথ্য পোৱা নাই আৰক্ষীয়ে৷





    দুৰ্নীতিগ্ৰস্ত আৰক্ষীৰ বিৰুদ্ধেও কঠোৰ হ’ব মহন্ত৷ দুজনকৈ অতিৰিক্ত অধীক্ষকৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে বুলিও সাংবাদিকক জানিবলৈ দিয়ে তেওঁ৷ পাণবজাৰ আৰক্ষী থানাৰ তদানিন্তন অ’চি ৰঞ্জিৎ মৰাণৰ বিৰুদ্ধেও ৰুজু হৈছে গোচৰ।