• কৃষকৰ সমস্যা সন্দৰ্ভত লুৰিণজ্যোতিৰ গগৈৰ সংবাদমেল

    আঞ্চলিক
    কৃষকৰ সমস্যা সন্দৰ্ভত লুৰিণজ্যোতিৰ গগৈৰ সংবাদমেল

    গুৱাহাটীঃ কৃষকৰ সমস্যা সন্দৰ্ভত ‘অসম জাতীয় পৰিষদ’ৰ সভাপতি লুৰিণজ্যোতিৰ গগৈৰ সংবাদমেল। এফচিআইৰ নতুন মহাপ্ৰবন্ধকক সংবাদমেলৰ জৰিয়তে সমালোচনা কৰিছে নেতাগৰাকীয়ে। ৰাজ্যত খৰাং পৰিস্থিতিক লৈ চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা নাই বুলিও অভিযোগ উত্থাপন কৰিছে তেওঁ। ‘উজনি অসমত খৰাং সমস্যাই অধিক দিশহাৰা কৰিছে কৃষকক’-বুলিও মন্তব্য আগবঢ়ায় সভাপতিগৰাকীয়ে। বিজেপি চৰকাৰৰ ভিজন অসমত উল্লেখ থকাৰ পাছতো ব্যৱস্থা গ্ৰহণ নকৰিলে কৃষকৰ বাবে।





    কৃষকৰ ধানৰ দাম সম্পৰ্কতো ক্ষোভ প্ৰকাশ কৰে নেতাগৰাকীয়ে। এফচিআইৰ যাদৱ উপাধিৰ মহাপ্ৰবন্ধকগৰাকীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে।ৰাজ্যৰ কৃষকৰ পৰা ধান ক্ৰয় কৰা নাই! পঞ্জাবৰ চাউলৰ প্ৰয়োভৰ হোৱাটো এফচিআই-এ বিচাৰে বুলিও গগৈয়ে সংবাদমেলত সদৰী কৰে। ৯৭টা চৰকাৰী ধান ক্ৰয় কেন্দ্ৰ বন্ধ হোৱাৰ পথত বুলিও ব্যক্ত কৰে তেওঁ। ‘অসম জাতীয় পৰিষদ’ৰ উদ্যোগত ১৯ আগষ্টত ৰাজ্যজুৰি ‘গণসত্যাগ্ৰহ কাৰ্যসূচী’ পালন কৰা হ’ব বুলিও সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে সভাপতিগৰাকীয়ে।