Entertainment
ডিজিটেল ডেস্ক: ডিজিটেলকৰণ হ’ল অসম জলসিঞ্চন বিভাগ৷ মুকলি কৰা হৈছে irrigationassam.in নামৰ এটি ৱেবছাইট৷ অসম জলসিঞ্চন বিভাগে মুকলি কৰিলে INO প’ৰ্টেল৷ মঙলবাৰে প’ৰ্টেলটো মুকলি কৰিলে মন্ত্ৰী অশোক সিংঘলে৷ লগতে মুকলি কৰা হৈছে ৩টা ম’বাইল এপো৷ এই অনুষ্ঠানত উপস্থিত থাকে জলসিঞ্চন বিভাগৰ বিষয়া-কৰ্মচাৰী৷
ইপিনে জলসিঞ্চন বিভাগৰ পৰ্যালোচনা বৈঠকৰো আয়োজন কৰা হৈছে খানাপাৰা প্ৰশাসনিক প্ৰাধিকৰণৰ মহাবিদ্যালয়ত৷ INO হৈছে প্ৰজেক্ট মনিট’ৰিং ব্যৱস্থা৷ ইয়াত থাকিব তিনিটা ৱেবছাইট৷ ইয়াত সন্নিৱিষ্ট থাকিব জলসিঞ্চন বিভাগৰ সকলো আঁচনি আৰু কৃষি সম্বন্ধীয় ইনফৰমেশ্যনো৷
এই ৱেবটোত কৃষকৰ বাবে উপকাৰী বুলি আশীবাদী৷ ম’বাইল এপৰ দ্বাৰা সমস্যা জনাব পাৰিব কৃষকে৷ ঠিকাদাৰৰ বাবেও এই প’ৰ্টেলত থাকিব বিশেষ ব্যবস্থা৷ এতিয়াৰে পৰা এপৰ জৰিয়তে পোনপটীয়াকৈ বিভাগৰ লগত যোগাযোগ কৰিব পাৰিব৷ কৃষকৰ সমস্যা সন্দৰ্ভত অৱগত কৰিব পাৰিব এপৰ দ্বাৰা৷ অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে উপলব্ধ হ’ব এপটো৷
Leave A Comment