Regional
Meanwhile, the police recovered the dumper truck (AS01NC4919) from the spot. However, the driver fled after the accident.
স্পেইনঃ বিপদৰ ক’লীয়া ডাৱৰ আঁতৰা নাই বাৰ্চিলোনাৰ। লিঅ’নেল মেছীৰ দৰে মহান তাৰকাৰ বাৰ্চিলোনা গমনৰ পাছত বিনা মেঘে বজ্ৰপাতহে যেন পৰিছে বাৰ্চা ক্লাবত। চৰম বিত্তীয় সংকটত ককবকাইছে বাৰ্চিলোনাই। বাৰ্চিলোনা সভাপতি হোয়ান লাপোৰ্টাই প্ৰকাশ কৰিছে চাঞ্চল্যকৰ তথ্য। তেওঁ সদৰী কৰা মতে, সম্প্ৰতি ৪৮ কোটি ১০লাখ ইউৰো লোকচানত আছে ক্লাবটো।
শেহতীয়াকৈ, ৬৩ কোটি ১০ লাখ ইউৰো আয়ৰ বিপৰীতে খৰচ ১১৩ কেটি ৬০ লাখ ইউৰো। কৰ’নাসৃষ্ট পৰিৱেশৰ বাবে ৯ কোটি ১০ লাখ ইউৰো আয়ৰ পৰা বাৰ্চিলোনা ক্লাব বঞ্চিত হোৱা বুলি সদৰী কৰে লাপোৰ্টাই। তেওঁ লগতে কয় যে, ‘আমাৰ ঋণ আৰু আনৰ ঋণৰ মাজৰ পাৰ্থক্য হৈছে ৫৫ কোটি ১০ লাখ ইউৰো। ক্লাবটোৰ বেংক ঋণো বৃদ্ধি পাইছে।
বেংকসমূহৰ ঋণ ৬৭৩ নিযুত ইউৰোলৈ বৃদ্ধি পাইছে। সভাপতিৰ দায়িত্ব গ্ৰহণৰ পাছত, আমি গোল্ডমেন চাক্সৰ পৰা নিৰ্ধাৰিত সময়ৰ বাবে ৮ কোটি ইউৰো ধাৰে লৈছিলোঁ। অন্যথা আমি খেলুৱৈসকলক মাহিলী দৰমহা পৰিশোধ কৰিব নোৱাৰিলোহেঁতেন।’ ইফালে, সংবাদ মাধ্যমৰ পৰা ৭৯ নিযুত ইউৰো অগ্ৰিম ধন লোৱাৰ উপৰি খেলুৱৈ নিলামৰ এটা অংশ আগতীয়াকৈ দিয়া হৈছে বুলিও সভাপতিজনে সদৰী কৰিছে। উল্লেখ্য যে, বিগত সময়ছোৱাত ক্লাবটোৰ উত্থান-পতনে আশংকা তীব্ৰতৰ কৰি তুলিছে। অনাগত সময়ত ক্লাবটোৱে কি পথে অগ্ৰসৰ হয়, সেয়াহে হ’ব লক্ষ্যণীয়!
Leave A Comment