International
গুৱাহাটী : প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আদৰাৰ প্ৰস্তুতি আৰম্ভ হৈছে৷ আজি ৰাজ্যিক বিজেপিয়ে এক সংবাদমেলৰ জৰিয়তে জন আৰ্শীবাদ যাত্ৰাৰ সবিশেষ প্ৰকাশ কৰে৷ ২১,২২ আৰু ২৩ আগষ্টত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালক আদৰণি জনোৱাৰ উদ্দেশ্যেৰে হ’ব এই জন আৰ্শীবাদ যাত্ৰা৷
গুৱাহাটী, মৰিগাঁও, কলিয়াবৰ, নগাঁও, যোৰহাট আৰু শিৱসাগৰক সামৰিব এই যাত্ৰাই৷ সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি এই যাত্ৰা কৰা হ'ব বুলি জানিবলৈ দিয়ে৷ ২১ আগষ্টত সৰ্বানন্দ সোণোৱাল গুৱাহাটীত উপস্থিত হোৱাৰ পাছৰে পৰা এই যাত্ৰা আৰম্ভ হ'ব৷
আজাৰাৰ পূজা মন্দিৰত সম্বৰ্ধনা অনুষ্ঠানৰ পাছত ভূপেন হাজৰিকা সমাধিক্ষেত্ৰ, পাণ্ডু, কামাখ্যা, লাচিতৰ প্ৰতিমূৰ্তি আৰু শেষত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত উপস্থিত হ’ব সৰ্বানন্দ সোণোৱাল৷
Leave A Comment