National
Following his disqualification from the Lok Sabha, Congress leader Rahul Gandhi has been served with a notice to leave the government-allotted bungalow...
Digital Desk: Following his disqualification from the Lok Sabha, Congress leader
নগাঁও : কেবিচিৰ নামতো প্ৰৱঞ্চকৰ জাল। ছ’নি টিভিৰ জনপ্ৰিয় অনু্ষ্ঠান কৌন বনেগা ক্ৰৌড়পতিৰ নামতো এতিয়া চলিছে প্ৰৱঞ্চনা। প্ৰৱঞ্চকৰ জালত পৰি সৰ্বস্বান্ত ধিঙৰ এটি দৰিদ্ৰ পৰিয়াল। টকা ধাৰলৈ আনি এতিয়া চকুৰ পানীৰে বাট নেদেখা অৱস্থা দুৰ্ভগীয়া পৰিয়ালটোৰ। প্ৰথমে কেবিচিৰ নামত প্ৰৱঞ্চকৰ প্ৰশ্নোত্তৰ। তাৰ পাছত লটাৰীৰ জৰিয়তে ২৫ লাখ টকাৰ টোপ আৰু তাৰ পাছৰ পৰাই বাৰম্বাৰ টকা বিচাৰি ফোন কল। টকা ধাৰলৈ আনি পৰ্যায়ক্ৰমে টকা দি দি এতিয়া নাজল-নাথল অৱস্থা ধিঙৰ এটি পৰিয়ালৰ ।
ঘটনাটো সংঘটিত হৈছে ধিঙৰ বেছামাৰীত। বেছামাৰীৰ ছফিকুল ইছলামৰ পত্নী চেমিনাছ পাৰবিনে প্ৰথমে KBC ত আৰম্ভ কৰিছিল প্ৰশ্ন উত্তৰ আৰু তাৰ কেইদিনমানৰ পাছতে মহিলাগৰাকীলৈ KBC ৰ পৰা আহিল ফোন। চেমিনাছে লটাৰীৰ জৰিয়তে ২৫ লাখ টকা লাভ কৰা বুলি আহিল ফোন। টকা পোৱাৰ আনন্দত আত্মহাৰা চেমিনাছৰ দৰিদ্ৰ পৰিয়ালটো। কিন্তু তাৰ পাছৰ পৰাই প্ৰয়োজনীয় নথি-পত্ৰ বনোৱাৰ বাবে KBCৰ পৰা বাৰম্বাৰ আহিবলৈ ধৰে ফোনকল।
প্ৰতিবাৰেই নথি-পত্ৰ বনোৱাৰ নামত দাবী কৰিছিল টকা। টকাৰ লোভত ধাৰ-ঋণ কৰি হ’লেও জমা দিছিল বিচৰা ধন। মুঠ ৮৫ হাজাৰ টকা জমা দিলে যদিও চেমিনাছৰ দুখীয়া পৰিয়ালটোৱে আজিও লাভ নকৰিলে KBC ৰ লটাৰীৰ ২৫ লাখ টকা । বহুজনৰ পৰা টকা ধাৰলৈ আনি এতিয়া মূৰে-কপালে হাত দিছে চেমিনাছৰ দুখীয়া পৰিয়ালটোৱে। কোনো উপাৰ্জনৰ বিকল্প পথ নথকা পৰিয়ালটোৱে কেনেকৈ ঋণৰ ধন পৰিশোধ কৰিব সেই চিন্তাতে পাৰ নোপোৱা হৈছে।
Leave A Comment