Automobiles
The Jimny has a 1.5-litre petrol engine and may be purchased through a subscription plan for an all-inclusive monthly charge starting at 33,550.
গুৱাহাটী : প্ৰতি বুধবাৰে অনুষ্ঠিত কৰা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত আজি বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়৷ সকলো চৰকাৰী অনুষ্ঠান অসম সংগীতেৰে আৰম্ভ হ'ব আৰু ৰাষ্ট্ৰীয় সংগীতেৰে শেষ কৰা হ'ব৷ সকলো চৰকাৰী অনুষ্ঠানত হাতেবোৱা গামোচা ব্যৱহাৰ কৰাৰ লগতে চৰকাৰী অনুষ্ঠানসমূহত জাতীয় খাদ্যৰে চাহ-জলপান দিয়াৰ ব্যৱস্থা কৰা হ'ব।
দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু তিথি ২৮জুলাই 'দেশভক্ত দিৱস' হিচাপে পালন কৰা হ'ব৷ লগতে গোপীনাথ বৰদলৈৰ মৃত্যুতিথি ৫ আগষ্ট 'কৰ্মচাৰী দিৱস' হিচাপে ঘোষণা কৰা হয়। সেইদিনটোতে মুঠ ১০ গৰাকী শ্ৰেষ্ঠ কৰ্মচাৰী বাছনি কৰি পুৰস্কৃত কৰা হ'ব৷
সম্পূৰ্ণ কণ্টেইনমেণ্ট ঘোষণা কৰা জিলাসমূহত অভিভাৱক মন্ত্ৰীসকল তিনিদিন ধৰি থাকিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয় কেবিনেটত। টেট উত্তীৰ্ণৰ চাকৰি আবেদন কৰাৰ সময় ৭ বছৰৰ বিপৰীতে জীৱনজোৰা সময় ধার্য কৰা হৈছে। অৱশ্যে টেট নিযুক্তিৰ ক্ষেত্ৰত চাকৰিৰ ঊৰ্ধ্বসীমা থাকিব।
চৰকাৰী কৰ্মচাৰীয়ে জুলাই মাহৰ আগলৈ বাকী থকা বিদ্যুৎ বিল আদায় দি এনঅ’চি ল’ব লাগিব। আগষ্টৰ পৰা নিয়মিত বিদ্যুৎ বিল আদায় দিয়াতো বাধ্যতামূলক। অন্যথা দৰমহা কৰ্তন কৰা হ’ব। অৱশ্যে আগষ্ট মাহৰ পৰা দৰমহাৰ বাবদ এনঅ'চি প্ৰয়োজন নহ’ব৷
Leave A Comment