• কেবিনেট মন্ত্ৰীৰ দায়িত্বত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা

    আঞ্চলিক
    কেবিনেট মন্ত্ৰীৰ দায়িত্বত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা

    গুৱাহাটী : আজি অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় বৈঠকত৷ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক কেবিনেট মন্ত্ৰীৰ দায়িত্ব অৰ্পন কৰা হয়৷ লগতে আজি কেবিনেট সিদ্ধান্ত নিৰীক্ষণৰ দায়িত্ব ৩গৰাকী মন্ত্ৰীক প্ৰদান কৰা হয়৷ চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা আৰু ডাঃ ৰণোজ পেগুক দায়িত্ব দিয়া হয় নিৰীক্ষকৰ৷





    আজি কেবিনেট বৈঠকত আৰক্ষী কনিষ্টবলৰ পৰা উপ-পৰিদৰ্শকলৈকে সকলোকে বাধ্যতামূলক এমাহৰ ছুটী দিয়াৰ লগতে পৰিয়ালৰ লগত থকাসকলৰ বাবে ১০ দিনৰ ছুটী দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে৷ ইয়াৰ উপৰি সমবায় সমিতিলৈ বছৰি ৫ লাখকৈ মঞ্জুৰি দিয়া হ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়৷





    সুলভ মূল্যৰ দোকান আৰু সমবায় সমিতিসমূহে প্ৰতি কুইণ্টল চাউলৰ বাবদ পূৰ্বে লাভ কৰি অহা কমিছন ১০০.১০ টকাৰ পৰা ১৪৩ টকালৈ বৃদ্ধিত কেবিনেটে অনুমোদন জনায়৷ সুলভ মূল্যৰ দোকানৰ বাবে সামগ্ৰী মজুতকৰণকে ধৰি অন্যান্য সেৱা আগবঢ়োৱা ৰাজ্যৰ ৮৬০ খন সমবায় সমিতিক বাৰ্ষিক ৫ লাখ টকাকৈ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ৷  ভাৰতীয় খাদ্য নিগমৰ গুদামৰ পৰা সামগ্ৰী সৰবৰাহৰ ক্ষেত্ৰত সমবায় সমিতিসমূহে যাতে অগ্ৰাধিকাৰ পায় তাৰ বাবে ব্যৱস্থা লোৱা হ’ব৷





    পৰিবহণৰ ঠিকাৰ বাবে সমবায় সমিতিসমূহক অগ্ৰাধিকাৰ দিয়াৰ সিদ্ধান্তও গ্ৰহণ কৰা হয়৷ শিক্ষা ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ চুকে-কোণে ম’বাইল টাৱাৰ বহুওৱাৰ নিৰ্দেশ দিয়ে কেবিনেটে৷ ছাত্ৰ-ছাত্ৰীৰ অনলাইন ক্লাছৰ সুবিধাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে৷