• কোকৰাঝাৰত ডকাইত, আৰক্ষীৰ গুলীয়াগুলী, নিহত তিনি

    আঞ্চলিক
    কোকৰাঝাৰত ডকাইত, আৰক্ষীৰ গুলীয়াগুলী, নিহত তিনি

    কোকৰাঝাৰ : কোকৰাঝাৰৰ ভোটগাঁও কাশিপাৰাস্থিত এলাহাবাদ বেংকত ডকাইতি কৰিবলৈ আহি আৰক্ষীৰ গুলীচালনাত তিনিটাকৈ ডকাইত নিহত হৈছে। ভোটগাঁও বজাৰত থকা এলাহাবাদ বেংকত ডকাইত কৰিবলৈ আহি আৰক্ষীৰ গুলীত নিহত হোৱা ডকাইত তিনিটাৰ পৰিচয় অদ্যপি জানিব পৰা হোৱা নাই।





    প্ৰাপ্ত বাতৰি অনুসৰি শনিবাৰে শেষনিশা ভোটগাঁওস্থিত এলাহাবাদ বেংকত ছটা ডকাইতে বেংক ডকাইতি কৰিবলৈ আহে। ইতিপূৰ্বে কেবাবাৰো বেংক ডকাইতৰ কবলত পৰা এলাহাবাদ বেংকত বেংক ডকাইতিৰ দল উপস্থিত হোৱাৰ তথ্য আৰক্ষীয়ে বিশেষ সূত্ৰে লাভ কৰি ডকাইতৰ দলটোৰ বিৰুদ্ধে অভিযান চলায়।





    আৰক্ষীয়ে গুলীচালনা কৰাত তিনিটা ডকাইত গুৰুতৰভাৱে আহত হয় আৰু আৰক্ষীয়ে গুৰুতৰভাৱে আহত হোৱা ডকাইত তিনিটাক কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।