• কোকৰাঝাৰত পুনৰ উদ্ধাৰ অস্ত্ৰ : কূটাঘাতৰ লক্ষ্যৰে এনডিএফবিৰ তৎপৰতা

    আঞ্চলিক
    কোকৰাঝাৰত পুনৰ উদ্ধাৰ অস্ত্ৰ : কূটাঘাতৰ লক্ষ্যৰে এনডিএফবিৰ তৎপৰতা

    কোকৰাঝাৰ : কোকৰাঝাৰত পুনৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ। কোকৰাঝাৰ জিলাৰ বিস্মুৰী আৰক্ষী চকীৰ অন্তৰ্গত দিগ্লিপাৰাৰ জংগল অঞ্চলত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে অস্ত্ৰ। কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মুকুট ৰাভাৰ নেতৃত্বৰ এটা আৰক্ষীৰ দলে অভিযান চলাই উদ্ধাৰ কৰা অত্যাধুনিক অস্ত্ৰৰ মাজত আছে দুটা একে ৫৬ ৰাইফল, দুটা একে ছিৰিজৰ মেগজিন, ২৯টা একে ছিৰিজৰ ৰাইফলৰ সজীৱ গুলী আৰু এটা ৰিভলভাৰ।





    আৰু পঢ়িব পাৰিব :আজি অসমলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিব বিজেপিৰ ৰাষ্ট্ৰীয় দুই প্ৰভাৱশালী নেতা





    বি টি এ ডিৰ আইজিপি এল আৰ বিষ্ণইয়ে সংবাদমেলত সদৰী কৰা মতে, কোকৰাঝাৰ আৰক্ষীয়ে চলিত বৰ্ষত মুঠ ৮০টা অস্ত্ৰ উদ্ধাৰ কৰিছে। ইয়াৰে ৩৭ টা অত্যাধুনিক অস্ত্ৰ আছিল। ২৫০০ সজীৱ গুলীও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী। আনহাতে নিৰ্বাচনৰ সময়ত চলোৱা অভিযানত শেহতীয়াকৈ ২২০০০ লিটাৰ অবৈধ সুৰা আৰু ৫১ লাখ নগদ ধন জব্দ কৰা বুলি প্ৰকাশ কৰিছে বিষ্ণইয়ে।





    আৰু পঢ়িব পাৰিব :এখন ব্যতিক্ৰমী বিয়া : ৰক্তদানেৰে দৰাৰ মহৎ পদক্ষেপ





    আনহাতে এন ডি এফ বিৰ দুৰ্ধৰ্ষ নেতা এম বাথাৰ নেতৃত্বত ৩০জনৰো অধিক সদস্য থকা উগ্ৰপন্থীৰ এটা দলে পুনৰ বনাঞ্চলত বাহৰ পাতি থকাৰো বিস্ফোৰক তথ্য সদৰী কৰিছে বিষয়াগৰাকীয়ে। প্ৰতিজন সদস্যৰ লগতে অত্যাধুনিক অস্ত্ৰ থকাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে বুলি জানিব পৰা গৈছে। বাথাৰ নেতৃত্বৰ এন ডি এফ বি দলটোৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ অভিযান অব্যাহত ৰখা হৈছে বুলিও প্ৰকাশ কৰিছে আৰু অতি শীঘ্ৰে দলটো ধৰা পৰিব বুলি আই জি পিয়ে কয়।