National
Rahul Gandhi remarked on Prime Minister Narendra Modi's surname in Kolar, Karnataka, in 2019...
কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ অন্তৰ্গত গোসাইগাঁও মহকুমাধীপতি চৌৰব গুপ্তা, ৩১নং এছ এছ বিৰ ডিপুটী কমাণ্ডেণ্ট এল. নিপাটই সিঙৰ নেতৃত্বধীন অভিযানকাৰী দলে শুকুৰবাৰে নিশা ৰিফু সংৰক্ষিত বনাঞ্চলত অভিযান আৰম্ভ কৰে।
আৰু পঢ়িব পাৰিব: চৌদি আৰবৰ নতুন পাঠ্যক্ৰমত ৰামায়ণ, মহাভাৰত অন্তৰ্ভুক্ত
আজি পুৱা ৬.৩০ বজাত কঁচুগাঁও আৰক্ষী চকীৰ অন্তৰ্গত ৰিফু সংৰক্ষিত বনাঞ্চলৰ ৰাইড নং ২ৰ নবিন নগৰ গাঁৱৰ কাষত অভিযানকাৰী দলে বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
আৰু পঢ়িব পাৰিব: নুনমাটি হাইস্কুলৰ দুগৰাকীকৈ শিক্ষয়িত্ৰীৰ দেহত ক’ভিড-১৯
উদ্ধাৰ হোৱা সামগ্ৰীৰ মাজত আছে ক্ৰমে দুটা ৰাষ্ট্ৰীয় নিৰ্মিত ৰাইফল, তিনিটা ৯ এম এম পিষ্টলৰ মেগজিন, দহটা ৫.৫৬ এম এম বল গুলী, এটা চীন দেশৰ গ্ৰেনেড, ২০০টা ডিটেনেটৰ, চাৰিটা ১২ ভল্ট বেটাৰী, ৮৭টা গেলানটাইন ষ্ট্ৰীক আৰু চাইকেল, প্ৰেচাৰ কুকাৰ আদি। উদ্ধাৰ হোৱা সামগ্ৰী এম বাথাৰ নেতৃত্বধীন এন এল এফ বি সশস্ত্ৰ দলক যোগান দিবলৈ পৰিকল্পনা কৰা হৈছিল।
Leave A Comment