comScore
  • কোন ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা উদ্ধাৰ শিশু শ্ৰমিক

    আঞ্চলিক
    কোন ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা উদ্ধাৰ শিশু শ্ৰমিক

    গুৱাহাটী : শিশু শ্ৰমিকৰ বিৰোধীতাৰে বহু সময়ত অভিযান চলোৱা হৈছিল যদিও এতিয়াও ৰাজ্যৰ বহু স্থানত উদ্ধাৰ কৰা হৈছে শিশু শ্ৰমিক৷ 'বছপন বচাও' আঁচনিৰ অধীনত চাইল্ড লাইন, গোল্ড আৰু শ্ৰম আয়ুক্তৰ সহযোগত আজি শিশু শ্রমিক বিৰোধী অভিযান আৰম্ভ কৰা হয়৷





    মহানগৰী সাতগাঁওৰ ৰে'ল লাইনত অভিযান চলাই বিভিন্ন ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা কৰ্মৰত অৱস্থাত উদ্ধাৰ ৬টা শিশু । শাক-পাচলি, মাংস আৰু গ্ৰীল আদিৰ দোকানৰ পৰা উদ্ধাৰ কৰে শিশু শ্ৰমিক কেইজনক। দীৰ্ঘদিন ধৰি উক্ত প্ৰতিষ্ঠানসমূহত শিশু শ্ৰমিক নিয়োগ কৰি ব্যৱসায় চলাই আছিল। নিৰ্দিষ্ট অভিযোগৰ ভিত্তিত অভিজানকাৰী দলটোৱে অভিযান চলাই শিশু শ্ৰমিক কেইটিক উদ্ধাৰ কৰে।





    উদ্ধাৰ কৰা শিশু কেইটাৰ বয়স ৮ৰ পৰা ১৬ বছৰৰ ভিতৰত বুলি উল্লেখ কৰে অভিযানকাৰী দলটোৱে।
    সাতগাঁও আৰক্ষীৰ সহযোগত অভিযান চলোৱা দলটোত শ্ৰম পৰিদৰ্শক চয়নিকা গোস্বামী, বচপন বচাও আঁচনিৰ ৰাজ্যিক বিষয়া জুবিল লালুং উপস্থিত থাকে।