• কোপা আমেৰিকাঃ অপ্ৰতিৰোধ্য আৰ্জেণ্টিনা, মেছিৰ দুই গ’ল

    আঞ্চলিক
    কোপা আমেৰিকাঃ অপ্ৰতিৰোধ্য আৰ্জেণ্টিনা, মেছিৰ দুই গ’ল

    এৰিনা পান্টানলঃ কোপা আমেৰিকাৰ গ্ৰুপ ‘এ’ৰ খেলত বলিভিয়াক পৰাভূত কৰিছে আৰ্জেণ্টিনাই। ৪-১গ’লৰ ব্যৱধানেৰে বিজয়ী আৰ্জেণ্টিনাই তালিকাৰ শীৰ্ষস্থানলৈ উন্নীত হৈছে। খেলৰ প্ৰথমাৰ্দ্ধত আৰ্জেণ্টিনাৰ হৈ ডেৰিঅ’ গমেজে প্ৰথমটো গ’ল দিয়ে। পৰৱৰ্তী সময়ত লিঅ’নেল মেছিয়ে ৩৩ আৰু ৪২ মিনিটত ক্ৰমান্বয়ে দুটাকৈ গ’ল দিয়ে। মেছিৰ গ’লেৰে ৩-০ৰ অগ্ৰগতি লয় বিশ্ব চেম্পিয়নশ্বিপ দলটোৱে। খেলৰ দ্বিতীয়াৰ্দ্ধত বলিভিয়াৰ হৈ ছেভেড্ৰাই ১টা গ’ল কৰি দলক অগ্ৰগতি দিয়ে। কিন্তু বিশ্ববিজয়ী দলটোৰ ৰণকৌশলত বিধ্বস্ত হয় বলিভিয়া।





    আৰু পঢ়িব পাৰিব : ইউৰো ২০২০ : আশাহত বিশ্ববিজয়ী ফ্ৰান্স, কোৱাৰ্টাৰত ছুইজাৰলেণ্ড





    আৰ্জেণ্টিনাৰ লুটাৰো মাৰ্টিনেজে খেলৰ ৬৫মিনিটত দিয়া গ’লেৰে ৪-১ৰ অগ্ৰগতি লয় আৰ্জেণ্টিনাই। বলিভিয়াই নিৰন্তৰ যুঁজ দি যায়। বলিভিয়াৰ খেলুৱৈৰ প্ৰদৰ্শন আশাপ্ৰদ নহ’লেও গ’ল ৰক্ষক কাৰ্লোছ লাম্পে প্ৰতিপক্ষৰ আক্ৰমণ প্ৰতিহত তথা গ’ল ৰক্ষাৰে ক্ৰীড়াপ্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। প্ৰত্যাৱৰ্তনৰ সকলো চেষ্টা বিফল প্ৰতিপন্ন কৰি আৰ্জেণ্টিনাই অন্তিম হাঁহি মাৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, আৰ্জেণ্টিনাৰ তাৰকা ফুটবলাৰ মেছিয়ে এই খেলত গঢ়িলে অন্য এক ৰেকৰ্ড। দেশৰ হৈ সৰ্বাধিক খেলত অৱতীৰ্ণ খেলুৱৈ হিচাপে পৰিগণিত হৈছে মেছি। ইয়াৰ পূৰ্বে এই ৰেকৰ্ড আছিল জেভিয়াৰ মাছচেৰান’ৰ। দেশৰ হৈ জেভিয়াৰে ১৪৭খন খেল খেলাৰ বিপৰীতে মেছিয়ে ১৪৮খন খেলিছে।ইফালে অপ্ৰতিৰোধ্য আৰ্জেণ্টিনাই ইতিমধ্যে কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। আনহাতে, ক্ৰমাগত চাৰিখন খেলত পৰাজয়েৰে কোপা আমেৰিকাৰ অভিযান সামৰিলে বলিভিয়াই।