মেন গাৰিঞ্চাঃ কোপা আমেৰিকা ফুটবলৰ কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে পাৰাগুৱে। শুকুৰবাৰে গ্ৰুপ-‘এ’ৰ প্ৰতিযোগিতাখনত পাৰাগুৱে ২-০গ’লৰ ব্যৱধানত চিলিক হৰুৱাবলৈ সক্ষম হয়। পাৰাগুৱে তিনিখন খেলৰ দুখনত জয়লাভ কৰিছে। আনেহাতে চিলিৰ চাৰিখন খেল-খেলি মাত্ৰ এখনতহে জয়ৰ মুখ দেখিছে। পইণ্টৰ ব্যৱধান থাকিলেও দুয়োটা দলে কোৱাৰ্টাৰত ইতিমধ্যে স্থান নিশ্চিত কৰিছে।
ৰোমা়ঞ্চকৰ খেলখনত চিলিৰ সকলো চেষ্টাক পাৰাগুৱেৰ খেলুৱৈয়ে প্ৰতিহত কৰে। খেলৰ ৩৩মিনিটতে পাৰাগুৱেৰ ব্ৰায়ান ছেমুডিঅ’ৰ গ’লেৰে পাৰাগুৱে ১-০ৰ অগ্ৰগতি লয়। আনহাতে, খোলৰ দ্বিতীয়াৰ্ধত মিগুৱেল এলমেৰিনে লোৱা কৰ্ণাৰ শ্ব’টত ব্ৰায়ান ছেমুডিঅ’ই হেডেৰে গ’ল দিয়ে। পাৰাগুৱে ২-০ৰ অগ্ৰগতি লোৱাৰ পাছতো চিলিয়ে বাৰম্বাৰ চেষ্টা কৰে গ’ল দিবলৈ। কিন্তু পাৰাগুৱেৰ খেলুৱৈৰ দুৰ্দান্ত প্ৰদৰ্শনত পৰাজয় স্বীকাৰ কৰে চিলিয়ে।পইণ্ট তালিকাত পাৰাগুৱে ৬পইণ্ট অৰ্জনেৰে দ্বিতীয় স্থানলৈ উন্নীত হৈছে। আনহাতে চিলিয়ে ৫ পইণ্টেৰে তৃতীয় স্থানত আছে।
Leave A Comment