• কোপা আমেৰিকাঃ বলিভিয়া বাহিৰ, উৰুগুৱে কোৱাৰ্টাৰত

    আঞ্চলিক
    কোপা আমেৰিকাঃ বলিভিয়া বাহিৰ, উৰুগুৱে কোৱাৰ্টাৰত

    কুয়াবাঃ কোপা আমেৰিকা ফুটবলৰ কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে উৰুগুৱে। ইফালে মূল প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে বলিভিয়া। শুকুৰবাৰে গ্ৰুপ-‘এ’ৰ প্ৰতিযোগিতাখনত উৰগুৱে ২-০গ’লৰ ব্যৱধানত বলিভিৰয়াক পৰাস্ত কৰিছে। শ্বাসৰুদ্ধকৰ খেলখনত অশেষ সংগ্ৰামৰ মাজেৰে উৰুগুৱে বলিভিয়াক হৰুৱাবলৈ সক্ষম হৈছে।





    খেলৰ প্ৰথমাৰ্ধত জাইৰো কুইণ্টেবছে বলিভিয়াৰ বেহু ভেদি প্ৰথমটো গ’ল দিয়ে। বিৰতিৰ পাছত সময়ৰ লগে লগে খেলৰ ৰোমাঞ্চ বাঢ়ি যায়। বলিভিয়াই উৰুগুৱেক প্ৰতিৰোধ কৰিবলৈ অশেষ কষ্ট কৰে যদিও বিফল হয়। ইফালে খেলৰ ৭৯মিনিটত এডিনছন কাভানিৰ গ’লেৰে উৰুগুৱে ২-০গ’লৰ অগ্ৰগতিৰে জয়ৰ পথ সুনিশ্চিত কৰে। উৰুগুৱে ইতিমধ্যে ৩খন খেলত ৪ পইণ্ট অৰ্জনেৰে কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হৈছে। আনহাতে ক্ৰমাগত ৩খন খেলত পৰাজয়েৰে ম্লান পৰি ৰ’ল কোপা আমেৰিকা জয়ৰ স্বপ্ন।