North East
ইষ্টাডিঅ’ : কোপা আমেৰিকাৰ অন্তিমখন কোৱাৰ্টাৰ ফাইনেল আজি অনুষ্ঠিত হয়।পুৱা আৰ্জেণ্টিনা আৰু ইকুৱেডৰৰ মাজত অনুষ্ঠিত খেলখনত ৩-০গ’লৰ ব্যৱধানত বিজয়ী হয় আৰ্জেণ্টিনাই। এই বিজয়েৰে আৰ্জেণ্টিনাই চলিত কোপা আমেৰিকাৰ ছেমি ফাইনেললৈ উন্নীত হৈছে। ছেমি ফাইনেলত মেছি বাহিনীয়ে কলম্বিয়াৰ বিৰুদ্ধে খেলিব। খেলৰ আৰম্ভণিৰে পৰা আৰ্জেণ্টিনাই সুন্দৰ প্ৰদৰ্শন দেখুৱায়। লিঅ’নেল মেছীয়ে খেলৰ ২২মিনিটত প্ৰায় নিশ্চিত এটা গ’ল কৰাৰ সুযোগ হেৰুৱায়।
মেছীৰ এই মাহেন্দ্ৰক্ষণৰ পাছত খেলৰ ৪০মিনিটত আৰ্জেণ্টিনাৰ হৈ ৰ’ডৰিগো ডি পলে নিৰ্ণায়ক গ’লটো দিবলৈ সক্ষম হয়। খেলৰ প্ৰথমাৰ্দ্ধত বিশ্ব চেম্পিয়নশ্বিপ দলটোৱে ১-০ গ’লৰ অগ্ৰগতি লয়। দ্বিতীয়াৰ্দ্ধৰ খেলতো ইকুৱেডৰে আশানুৰূপ প্ৰদৰ্শন দেখুৱাব নোৱাৰিলে। প্ৰতিপক্ষৰ বিৰুদ্ধে কেইবাটাও আক্ৰমণাত্মক শ্বট খেলে যদিও ফলাফল দলৰ পক্ষত নাছিল। আৰ্জেণ্টিনাৰ মিডফিল্ডাৰৰ ৰণকৌশলত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে ইকুৱেডৰ। খেলৰ ৮৪মিনিটত প্ৰতিপক্ষৰ খেলুৱৈৰ পৰা বল কাঢ়িৰ মাৰ্টিনেজে পুনৰ এটা গ’ল দিয়ে। ইকুৱেডৰৰ দুৰ্বল প্ৰদৰ্শনে আৰ্জেণ্টিনাক ২-০ৰ অগ্ৰগতি দিয়ে। খেলৰ অন্তিম মুহূৰ্তত আৰ্জেণ্টিনাই লাভ কৰে পেনাল্টি শ্বট। এঞ্জেল ডি মাৰিয়াৰ ওপৰত হিনকাপীৰ প্ৰাণঘাটী আক্ৰমণৰ বাবে খেল ৰেফাৰীয়ে ৰঙা কাৰ্ড প্ৰদৰ্শন কৰে ইকুৱেডৰৰ মিডফিল্ডাৰজনক। দলৰ হৈ লিঅ’নেল মেছীয়ে পেনান্টি শ্বটত গ’ল দিবলৈ সক্ষম হয়। চলিত কোপা আমেৰিকাত মেছীয়ে মুঠ ৪টা গ’ল দিছে।
Leave A Comment