• কোপা আমেৰিকা: ৰোমাঞ্চকৰ খেলত স্তব্ধ পাৰাগুৱে, ছেমিফাইনেললৈ উন্নীত পেৰু

    আঞ্চলিক
    কোপা আমেৰিকা: ৰোমাঞ্চকৰ খেলত স্তব্ধ পাৰাগুৱে,  ছেমিফাইনেললৈ উন্নীত পেৰু

    ব্ৰাজিল: শনিবাৰে অনুষ্ঠিত কোপা আমেৰিকাৰ কোৱাৰ্টাৰ ফাইনেলৰ শ্বাসৰুদ্ধকৰ খেলখনত পেৰুৱে ৰুধিলে পাৰাগুৱেক। নিৰ্ধাৰিত সময়লৈ খেলৰ ফলাফল কোনো এটা দলৰ পক্ষত নহাত খেলৰ নিষ্পত্তি হয় ট্ৰাইবেগাৰত। ৪-৩ গ’লৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি অৱশেষত পেৰুৱে অন্তিম হাঁহি মাৰিবলৈ সক্ষম হয়। আৰম্ভণিৰে পৰাই দুয়োপক্ষৰ খেলুৱৈৰ প্ৰদৰ্শনেৰে ৰোমাঞ্চকৰ হৈ পৰে খেলখন। খেলৰ ১১মিনিটত গ’মেজে নিৰ্ণায়ক গ’লটো দিয়ে। কিন্তু বল ডিফেণ্ড কৰিবলৈ যাওঁতে খেলৰ ২১ মিনিটত দিয়া আত্মঘাতী গ’লৰে পাৰাগুৱে অনায়াসে ১-১ গ’লৰ সমতা স্থাপন কৰে। দ্বিতীয় গ’লৰ সন্ধান অব্যাহত থাকোতে খেলৰ ৪০ মিনিটত পেৰুৰ লাপাডুলাই নিৰ্ণায়ক গ’লটো দিয়ে।

    প্ৰথমাৰ্দ্ধৰ খেলত ২-১ৰ অগ্ৰগতি লয় পেৰুৱে। কিন্তু খেলৰ দ্বিতীয়াৰ্দ্ধৰ আৰম্ভণিৰেপৰা পাৰাগুৱে আকৰ্ষণীয় খেল খেলে। খেলৰ ৫৪মিনিটত এলনছ’ৰ গ’লেৰে পাৰাগুৱে ২-২গ’লৰ সমতা স্থাপন কৰে। উত্তেজনাপূৰ্ণ খেলখনত সময়ৰ ব্যৱধান হ্ৰাস পাবলৈ ধৰে। বিজয়ী গ’লৰ সন্ধানত অৱতীৰ্ণ হয় দুয়োটা দল। কিন্তু খেলৰ ৮০মিনিটত য়টুনৰ গ’লেৰে পেৰুৱে গ’লৰ ব্যৱধান ৩-২লৈ বৃদ্ধি কৰে। অৱশ্যে প্ৰাণঘাতী শ্বট খেলিবলৈ গৈ খেলৰ ৮৫ মিনিটত এণ্ড্ৰে কাৰিল্ল’ক ৰেফাৰীয়ে ৰঙা কাৰ্ড প্ৰদৰ্শন কৰে। ১০জনীয়া খেলুৱৈৰে প্ৰতিপক্ষক ৰুধিবলৈ পেৰুৱে চক্ৰবেহু তৈয়াৰ কৰে। পেৰুৰ ডিফেণ্ডাৰৰ পৰা বল কাঢ়ি চক্ৰবেহু ভেদি গ্ৰেবিল এভালছে খেলৰ অন্তিম মুহূৰ্তত নিৰ্ণায়ক গ’লটো দিয়ে। উত্তেজনাপূৰ্ণ খেলখন অৱশেষত ট্ৰাইবেগাৰত নিষ্পত্তি হয়। পেৰুৱে বিজয়ী গ’লেৰে উন্নীত হৈছে ছেমিফাইনেললৈ। ছেমিফাইনেলত দলটোৱে বিশ্বচেম্পিয়ন ব্ৰাজিলৰ বিৰুদ্ধে খেলিব।