National
A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day after the main opposition leader was disqualified from parliament. Gandhi claimed...
Digital Desk: A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day
নতুন দিল্লী : এয়াৰ ইণ্ডিয়াৰ ৫৬জনকৈ কৰ্মচাৰীৰ মৃত্যু হৈছে কোভিড সংক্ৰমণৰ ফলত। ১৪ জুলাইপৰ্যন্ত মহামাৰীৰ কৱলত পৰি মৃত্যু হৈছে ৰাজহুৱা খণ্ডৰ বিমান পৰিবহন সংস্থাটোৰ ইমানসংখ্যক কৰ্মীৰ। আজি অসামৰিক বিমান পৰিবহন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভি কে সিঙে এইকথা প্ৰকাশ কৰিছে।
তেওঁ কয়, ‘এয়াৰ ইণ্ডিয়া লিমিটেডৰ ৩,৫২৩গৰাকী কৰ্মী কোভিড-১৯ত আক্ৰান্ত হৈছে। এইসকলৰ ভিতৰত বিগত ১৪জুলাইলৈকে ৫৬জনকৈ কৰ্মীৰ মৃত্যু হৈছে।’ লোকসভাত উত্থাপন কৰা এটা প্ৰশ্নৰ লিখিত উত্তৰত মন্ত্ৰীগৰাকীয়ে এইকথা প্ৰকাশ কৰে।
তেওঁ লগতে সদৰি কৰে যে, সংস্থাটোৱে কৰ্মীসকলক কোভিড সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰি আহিছে। আনহাতে মহামাৰীত মৃত্যু হোৱা কৰ্মীসকলৰ পৰিয়ালৰ লোককৈ ১০লাখকৈ টকাৰ ক্ষতিপূৰণ সংস্থাটোৱে দিয়া বুলিও তেওঁ সদৰি কৰে।
Leave A Comment