Regional
নগাঁও : প্ৰতি মুহূৰ্ততে আৰক্ষী প্ৰশাসন সষ্টম হৈ থকাৰ পাছতো যেন অপৰাধৰ ৰম্যভূমি পৰিণত হৈছে নগাঁও৷ আৰক্ষীক বুঢ়া আঙুলি প্ৰদৰ্শন কৰি অপৰাধীয়ে চলাই গৈছে অপৰাধ। নগাঁও চহৰৰ দুই কিশোৰীক বটদ্ৰৱাৰ মুজামিল হক নামৰ যুৱকজনে বহিঃৰাজ্যৰ এটা মোবাইল ফোনৰ কোম্পানীত চাকৰি দিয়াৰ প্ৰলোভনেৰে অপহৰণ কৰাৰ চাঞ্চল্যকৰ ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে।
দুই কিশোৰী ঘৰলৈ বহুসময় ঘূৰি নহাত পৰিয়ালৰ লোকে নগাঁও সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। নগাঁও আৰক্ষীয়ে দুই কিশোৰীক বিচাৰি অভিযান চলাই এক বিশেষ খবৰৰ ভিত্তিত নগাঁৱৰ বটদ্ৰৱাৰপৰা মুজামিল হকক আটক কৰি দুই কিশোৰী দুগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে, মুজামিল হকৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও বহুকেইটা গোচৰ ৰুজু হৈ আছে। বৰ্তমান নগাঁও আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত মুজামিল হকক জেৰা চলাই আছে।
Leave A Comment