• কোহলী-শাস্ত্ৰী আউট, ধোনী ইন! বিস্ফোৰক জাদেজা

    আঞ্চলিক
    কোহলী-শাস্ত্ৰী আউট, ধোনী ইন! বিস্ফোৰক জাদেজা

    নতুন দিল্লীঃ ভাৰতীয় ক্ৰিকেট দলৰ পৰামৰ্শদাতা হিচাপে নিযুক্ত পোৱাৰ পাছতে সমালোচনাৰ সন্মুখীন হৈছে ধোনী। শেহতীয়াকৈ মহেন্দ্ৰ সিং ধোনীৰ বিষয়ে বিস্ফোৰক মন্তব্য কৰিছে এগৰাকী ক্ৰিকেটাৰে। ধোনীক দলৰ পৰামৰ্শদাতা হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্তক লৈ সমালোচনাত মুখৰ হৈ পৰিছে প্ৰাক্তন ক্ৰিকেটাৰ অজয় জাদেজা। বিচিচিআইৰ সিদ্ধান্তক তীব্ৰ সমালোচনা প্ৰাক্তন ক্ৰিকেটাৰজনৰ। ধোনীক পৰামৰ্শদাতা হিচাপে নিযুক্তি দিয়াৰ কোনো অৰ্থ নাই বুলিও কটাক্ষ বিচিচিআইক।





    তেওঁ কয়, ‘মই এই সিদ্ধান্তটো একেবাৰে বুজিব পৰা নাই।বিগত দুদিন ধৰি মই বিচিচিআই-এ কিয় এই সিদ্ধান্ত ল’লে সেই বিষয়ে চিন্তা কৰি আছোঁ। মই মহেন্দ্ৰ সিং ধোনীৰ বিষয়ে পৃথকে একো ক'ব নিবিচাৰো। মই ভালদৰে জানো যে এটা দলৰ বাবে তেওঁ কিমান গুৰুত্বপূৰ্ণ। কিন্তু বিচিচিআইৰ শেহতীয়া সিদ্ধান্তত মই অবাক হৈছো। অৱসৰ লোৱাৰ আগতে হাঁহি হাঁহি নিজৰ দায়িত্ব এৰি দিবলৈ কুন্ঠাবোধ নকৰা ধোনী ভাৰতীয় ক্ৰিকেট ইতিহাসৰ প্ৰথম অধিনায়ক।’





    বিৰাট কোহলীৰ অধিনায়কত্ব তথা প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ ওপৰত ব’ৰ্ডৰ আস্থা নাই বাবেহে ধোনীক নিযুক্ত কৰিবলগীয়া হৈছে বুলিও জাদেজাৰ সমালোচনা বিচিচিআইক। উল্লেখ্য যে, ভাৰতীয় ক্ৰিকেট দলে ২৪ অক্টোবৰত বিশ্বকাপৰ যাত্ৰা আৰম্ভ কৰিব। প্ৰথম খেলখনত ভাৰতে চিৰবৈৰী পাকিস্তানৰ সৈতে খেলিব। খেলখন অনুষ্ঠিত হ'ব ডুবাইত। ধোনীক কেন্দ্ৰ কৰি একাংশই সমালোচনাত মুখৰ হ’লেও ব’ৰ্ডৰ সিদ্ধান্তক আদৰণি জনাইছে সৰহসংখ্যকে। প্ৰাক্তন অপেনাৰ গৌতম গম্ভীৰেও ধোনীক পৰামৰ্শদাতা হিচাপে বাছনি কৰাৰ সিদ্ধান্তক আদৰণি জনাইছে। তেওঁ কয়, ‘এম এছ ধোনীৰ অভিজ্ঞতা আৰু চাপ নিয়ন্ত্ৰণৰ কৌশলে টি-২০ বিশ্বকাপত দলটোৰ বাবে যথেষ্ট সহায়ক হ’ব।’