• ক্ৰমাত্‍ নিসংগ কোহলী! এদিনীয়া ফৰ্মেটৰ অধিনায়ক পদো হেৰুৱাব ‌কিং কেপ্টেইনে

    আঞ্চলিক
    ক্ৰমাত্‍ নিসংগ কোহলী! এদিনীয়া ফৰ্মেটৰ অধিনায়ক পদো হেৰুৱাব ‌কিং কেপ্টেইনে

    নতুন দিল্লীঃ অলপতে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে টি-২০ বিশ্বকাপৰ পাছতে অধিনায়ক পদত্যাগ কৰাৰ কথা সদৰী কৰিছিল। কিং কোহলীৰ মেগা ঘোষণাৰ পাছতে পোহৰলৈ আহিছিল কেতবোৰ গোপন কাহিনী। অনিল কুম্বলেৰ পৰা ৰোহিত শৰ্মালৈকে কেতবোৰ বিতৰ্কত নাম সাঙোৰ খাই পৰিছিল তাৰকা ক্ৰিকেটাৰগৰাকীৰ। অৱশ্যে, টি-২০ বিশ্বকাপৰ পাছত কোহলীৰ পৰিৱৰ্তে ৰোহিত শৰ্মাক অধিনায়ক হিচাপে নিযুক্তি দিয়াতো একপ্ৰকাৰ স্পষ্ট হৈ পৰিছে। কেপ্টেইন কোহলীয়ে টি-২০ত অধিনায়ক পদ এৰিলেও এদিনীয়া আৰু টেষ্ট ক্ৰিকেটত নেতৃত্ব দি যোৱাৰ দৃঢ় অংগীকাৰ কৰিছিল।





    ক্ৰীড়াপ্ৰেমীৰ মাজত এই খবৰৰ উন্মাদনা মাৰ নাযাওঁতেই বিচিচিআইৰ বিস্ফোৰক মন্তব্য। এদিনীয়া ফৰ্মেটৰ অধিনায়ক পদো হেৰুৱাব লাগিব কিং কোহলীয়ে। ভাৰতৰ হৈ কেৱল টেষ্ট ফৰ্মেটৰহে নেতৃত্ব দিব কিং কোহলীয়ে।শেহতীয়াকৈ ভাৰতীয় ব’ৰ্ডৰ এগৰাকী কৰ্ম-কৰ্তাই এই বিষয়ে প্ৰকাশ কৰিছে। সৌৰভ গাংগুলী, জয় শ্বাহে কোহিলীৰ সিদ্ধান্তৰ প্ৰতি সন্মান জনাই শুভেচ্ছা জ্ঞাপন কৰিলেও ভাৰতীয় ক্ৰিকেটত কোহলীৰাজ নচলাৰে ইংগিত পৰিলক্ষিত হৈছে।






    আনহাতে, কোহলীৰ বিৰুদ্ধে দলীয় কৰ্মকৰ্তাৰ অভিযোগ, ‘কঠিন সময়ত কোহলীয়ে কনিষ্ঠ ক্ৰিকেটাৰসকলক কোনো ধৰণে সমৰ্থন নকৰে। যেতিয়া ঋষভ পন্ত ফৰ্মত নাছিল, কুলদীপ যাদৱ অষ্ট্ৰেলিয়াত ৫টা উইকেট লোৱাৰ পাছতো কোনো সঁহাৰি পোৱা নাছিল। আনকি উমেশ যাদৱৰ দৰে জ্যেষ্ঠ ক্ৰিকেটাৰসকলেও কেতিয়াও পোনপটীয়া উত্তৰ পোৱা নাই কোহলীৰ পৰা।’ দল আৰু পৰিষদৰ সমৰ্থন হেৰুওৱাৰ পাছত কিং কোহলী ক্ৰমান্বয়ে অকলশৰীয়া হৈ পৰিছে। তেনেক্ষেত্ৰত কোহিলীয়ে এই কালদোষ অতিক্ৰমি কিদৰে আগবাঢ়িও যায় সেয়াহে হ’ব লক্ষ্যণীয়!