• ক্ৰিকেটত ৰাজনীতিৰ প্ৰৱেশ, অনিশ্চয়তাত ভাৰত-পাক শৃংখলা !

    আঞ্চলিক
    ক্ৰিকেটত ৰাজনীতিৰ প্ৰৱেশ, অনিশ্চয়তাত ভাৰত-পাক শৃংখলা !

    নতুন দিল্লীঃ ভাৰত বনাম পাকিস্তানৰ মাজত দ্বি-পাক্ষিক শৃংখলা ঘূৰাই অনাটো এই মুহূৰ্তত সম্ভৱ নহয়। এই মুহূৰ্তত পাকিস্তানৰ মূল লক্ষ্য হৈছে ঘৰুৱা ক্ৰিকেটৰ উন্নত কৰা। পাক ক্ৰিকেট ব'ৰ্ডৰ অধ্যক্ষ ৰমিজ ৰাজাই সদৰী কৰিছে। উল্লেখ্য যে, সোমবাৰে ৩বছৰৰ বাবে পাকিস্তান ক্ৰিকেট ব'ৰ্ডৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে ৰমিজ ৰাজাক। পাকিস্তানৰ এইগৰাকী তাৰকা ক্ৰিকেটাৰজনে পূৰ্বে পৰিষদৰ মুখ্য কাৰ্যবাহী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

    দায়িত্ব গ্ৰহণৰ পাছতে তেওঁ কয়, ‘এইটো এটা অতি কঠিন পৰীক্ষা। মোক নিৰ্বাচন কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰী ইমৰান খানে বহুতো বিষয়ৰ ওপৰত চকু দিবলগীয়া হৈছিল। সংবাদমেলত তেওঁক ভাৰত বনাম পাকিস্তানৰ দ্বি-পাক্ষিক শৃংখলাৰ ভৱিষ্যত সম্পৰ্কে প্ৰশ্ন কৰা হৈছিল।

    তেওঁ কয়, ‘এই মুহূৰ্তত এয়া সম্ভৱ নহয়। ৰাজনীতিৰ প্ৰৱেশ ঘটিছে খেলত। আমি এই বিষয়টোক লৈ খৰ-ধৰ কৰিব বিচৰা নাই।মই এই মুহূৰ্তত ঘৰুৱা ক্ৰিকেট কদিৰে উন্নত কৰিব পৰি তাকেহে চাবলৈ বিচাৰো। ইফালে সমাগত পাকিস্তান বনাম নিউজিলেণ্ড শৃংখলা। আচৰ্যজনক যে, এই শৃংখলাটোত কোনো ডিআৰএছ প্ৰণালী নাথাকিব। আনহাতে, পাকিস্তান ক্ৰিকেটত প্ৰশিক্ষক আৰু প্ৰশিক্ষণৰ মানদণ্ডকলৈও অসন্তুষ্টি প্ৰকাশ কৰিছে নৱ-নিৰ্বাচিত অধ্যক্ষ জনে।