Automobiles
The Jimny has a 1.5-litre petrol engine and may be purchased through a subscription plan for an all-inclusive monthly charge starting at 33,550.
নতুন দিল্লীঃ আইপিএলৰ উন্মাদনাৰ মাজত বুৰ গৈছে ক্ৰীড়ানুৰাগী। আইপিএলৰ দ্বিতীয় ছিজনৰ আৰম্ভণিৰে পৰাই শিৰোনাম দখল কৰিছে কেইবাগৰাকীও তাৰকা ক্ৰিকেটাৰে। প্ৰতিদিনে নতুন নতুন ৰেক’ৰ্ড বহিঃপ্ৰকাশ ঘটাৰ লগতে কেতবোৰ ৰোমাঞ্চকৰ তথা আঘাতপ্ৰাপ্ত খবৰে উদ্বিগ্ন কৰি নোতোলাও নহয়। অলপতে কলকাতা নাইট ৰাইডাৰ্ছ আৰু দিল্লী কেপিটেলছৰ মাজত অনুষ্ঠিত হোৱা তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ খেলখনত তেনে এক খবৰে নজিৰ সৃষ্টি কৰিছে। কেকেআৰৰ বিৰুদ্ধে উন্নত ফৰ্মত আছিল ষ্টিভ স্মিথ। স্মিথে বেট কৰি থকা সময়তে ঘটিল অঘটন। লকী ফাৰ্গুছনৰ বলে আঘাত কৰে স্মিথৰ গুপ্তাংগত।
স্মিথে লেগৰ ফালে বলটো ফ্লিক কৰিব বিচাৰিছিল। কিন্তু ফাৰ্গুছনৰ শ্ল’ৱাৰ ফুলটছটোৰে সংযোগত ব্যৰ্থ হৈছিল স্মিথ। ফলত বলটো বেটৰ কাষত খুন্দা মাৰে আৰু স্মিথৰ গুপ্তাংগত আঘাত কৰে। খেলপথাৰত বাগৰি পৰা খেলুৱৈগৰাকী বৰ্তমান সম্পূৰ্ণ সুস্থ বুলি চিকিৎসকে সদৰী কৰিছে। ইফালে, অৱশেষত জয়ৰ মুখ দেখিলে কলকাতা নাইট ৰাইডাৰ্ছে। আইপিএলৰ ৪১সংখ্যক খেলখনত দিল্লী কেপিটেলছৰ বিৰুদ্ধে জয়লাভ কৰে কলকাতাই। দিল্লী কেপিটেলছে প্ৰথমে বেট কৰি ১২৮ৰানৰ লক্ষ্য বান্ধি দিছিল কলকাতাক। কলকাতা নাইট ৰাইডাৰ্ছে নিৰ্ধাৰিত অ’ভাৰৰ পূৰ্বেই সহজ লক্ষ্যত উপনীত হয়। বৰ্তমান ১০পইণ্টেৰে তালিকাৰ চতুৰ্থ স্থানত আছে কলকাতা নাইট ৰাইডাৰ্ছ, আনহাতে ১৬পইণ্টেৰে তালিকাৰ দ্বিতীয় স্থানত আছে দিল্লী।
Leave A Comment