• ক্ৰিকেট ছিম্ফনীঃ আইচিচি ৰেংকিঙৰ ৬৬ সংখ্যক স্থানত থকা এখন দেশ

    আঞ্চলিক
    ক্ৰিকেট ছিম্ফনীঃ আইচিচি ৰেংকিঙৰ ৬৬ সংখ্যক স্থানত থকা এখন দেশ

    নতুন দিল্লীঃ ইংলেণ্ড ক্ৰিকেটৰ মক্কা বুলি আমি সকলোৱে অৱগত। আৰম্ভণিৰ পৰাই প্ৰভূত জনপ্ৰিয়তা অৰ্জন কৰা খেলবিধেই হৈছে ক্ৰিকেট। কিন্তু আমি সচৰাচৰ দেখি থকা শীৰ্ষ কেইটামান দলৰ উপৰি আমাৰ অগোচৰে এনে কিছুমান দল আছে, যিবোৰ দেশত ক্ৰিকেট খেলা হয়। শেহতীয়াকৈ তেনে এখন দেশৰে কথা পোহৰলৈ আহিছে। দেশখন হৈছে পৰ্তুগাল। আচৰিত হ’লেও সত্য যে, পৰ্তুগালে ক্ৰিকেট খেলে।





    উল্লেখ্য যে, ১৯৯৬ চনৰ পৰা আন্তৰ্জাতিক ক্ৰিকেট পৰিষদৰ (আইচিচি) সদস্য হৈ আছে পৰ্তুগাল। আইচিচিৰ ৯৯খন সহযোগী সদস্য দেশ আছে, যাৰ ভিতৰত পৰ্তুগাল ৬৬সংখ্যক স্থানত আছে।






    আজহাৰ আন্দানীয়ে এখন আন্তঃৰাষ্ট্ৰীয় খেলত শতক অৰ্জন কৰি ইতিহাস ৰচনা কৰা প্ৰথম পৰ্তুগাল ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছিল। শেহতীয়াকৈ পৰ্তুগাল, মাল্টা আৰু জিব্ৰাল্টাৰে পৰ্তুগালৰ আলজেৰিয়াত ত্ৰিদেশীয় শৃংখলাত অংশগ্ৰহণ কৰিছে। শনিবাৰে জিব্ৰাল্টাৰৰ বিৰুদ্ধে প্ৰথমে বেটিং কৰা নিৰ্ধাৰিত ২০ অভাৰত পৰ্তুগালে ৮ উইকেটত ২১৭ ৰাণ কৰিছিল। আজহাৰ আন্দানীয়ে দলটোৰ হৈ অভিষেক খেলতে শতক অৰ্জন কৰিছে।





    সোঁহতীয়া বেটছমেনজনে ৫১টা বলত ৭টা চাৰি আৰু ৫টা ছয়েৰে ১০০ ৰাণৰ এক সুন্দৰ ইনিংছ খেলিছিল। পৰ্তুগালে তেওঁৰ বেটেৰে আন্তৰ্জাতিক ক্ৰিকেটত তেওঁলোকৰ প্ৰথম শতকৰ সোৱাদ লৈছিল। জয়ৰ বাবে ২১৮ ৰাণৰ বিশাল লক্ষ্যৰ পাছে পাছে জিব্ৰাল্টাৰে ৮ উইকেট হেৰুৱাই মাত্ৰ ১২১ৰাণ সংগ্ৰহ কৰে আৰু পৰ্তুগাল ৯৬ ৰাণত বিজয়ী হয়।