• ক্ৰিকেট ছিম্ফনীঃ কপিল দেৱৰ অভিলেখ স্পৰ্শৰ দিশে বুমৰাহ

    আঞ্চলিক
    ক্ৰিকেট ছিম্ফনীঃ কপিল দেৱৰ অভিলেখ স্পৰ্শৰ দিশে বুমৰাহ

    নতুন দিল্লীঃ ভাৰতীয় ক্ৰিকেটত যশপ্ৰীত বুমৰাহৰ অৱদান অনস্বীকাৰ্য। শেহতীয়াকৈ অন্য এক কৃতিত্ব অৰ্জনৰ দিশে অগ্ৰসৰ হৈছে ভাৰতৰ অন্যতম পেচ বলাৰ যশপ্ৰীত বুমৰাহ। কেৱল মাত্ৰ ৫টা উইকেট দখল কৰিব পাৰিলেই যশপ্ৰীত বুমৰাহে ইতিহাসৰ পৃষ্ঠাত সৰ্বশ্ৰেষ্ঠ বলাৰ হিচাপে পৰিগণিত হ’ব। কিংবদন্তি ক্ৰীড়াবিদ কপিল দেৱৰ অভিলেখ স্পৰ্শৰ দিশে অগ্ৰসৰ হৈছে বুমৰাহ। দেশৰ হৈ টেষ্ট ক্ৰিকেটত ১০০টা উইকেট লোৱা দ্ৰুততম ভাৰতীয় হিচাপে বিবেচিত হ’বলৈ তৃতীয় টেষ্টত উন্নত প্ৰদৰ্শন দেখুৱাব লাগিব বুমৰাহে।






    উল্লেখ্য যে, বুমৰাহে বৰ্তমান ২২খন খেলত ৯৫টা উইকেট দখল কৰিছে। আনহাতে, কপিল দেৱে ২৫খন খেলত ১০০টা উইকেট দখল কৰিছিল। টেষ্ট উইকেটৰ সংখ্যাৰ হিচাপত ৯৫টা উইকেট লৈ ভেঙ্কটেশ প্ৰসাদৰ সৈতে একেখন আসনত আছে যশপ্ৰীত বুমৰাহ। বুমৰাহে দ্বিতীয় টেষ্টত লৰ্ডছত সুন্দৰ বলিং কৰিছিল। বলিঙৰ উপৰি বুমৰাহৰ বেটিংয়েও প্ৰশংসা লাভ কৰিছে বিগত টেষ্টত। ভাৰতে যশপ্ৰীত বুমৰাহ আৰু মহম্মদ ছামীৰ অংশীদাৰিত্বৰ ওপৰত ভিত্তি কৰি বৃহত ৰাণ সংগ্ৰহ কৰিছিল।