North East
গুৱাহাটী: ৰাজ্যত কৰফাঁকিৰ ভয়াৱহ কেলেংকাৰিৰ তথ্য পোহৰলৈ আহিছে। জিএছটিৰ চোৰাংচোৱা সঞ্চালকালয়ে এই কেলেংকাৰিৰ তথ্য পোহৰলৈ আনিছে। সেইমতে জিএছটিক কেন্দ্ৰ কৰি ৰাজ্যত ৩৩৮ কোটি টকাৰ কেলেংকাৰি পোহৰলৈ আহিছে। এই সন্দৰ্ভত ইতিমধ্যে দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে।
তেওঁলোক হ’ল মেছাৰ্চ মাৰুতী ট্ৰেডাৰ্ছৰ স্বত্বাধিকাৰীৰ অমিত কুমাৰ আৰু মেছাছ বাজৌৰীয়া এছ’চিয়েটৰ স্বত্বাধিকাৰীৰ তথা কৰ পৰামৰ্শদাতা সৌৰভ বাজৌৰীয়া। বাজৌৰীয়া গ্ৰেপ্তাৰ হোৱাৰ আগত ১৪ জুলাইত তেওঁৰ কাৰ্যালয়ত আয়কৰ বিভাগে অভিযান চলাইছিল। সেই সময়ত বজৌৰীয়াই ঘৰলৈ টেলিফোন কৰি অবৈধ ধন লুকুৱাবৰ বাবে পৰিয়ালক নিৰ্দেশ দিছিল। সেই টেলিফোন বাৰ্তা আহি পৰিছে ‘প্ৰাগ নিউজ’ৰ হাতত।
কয়লা কিনা-বেচা সন্দৰ্ভত আদায় দিবলগীয়া ধন ভুৱা বিল প্ৰস্তুত কৰিছিল কৰ পৰামৰ্শদাতা সৌৰভ বাজৌৰীয়াই। অমিত কুমাৰে জালিয়াতিৰে কৰা সকলো ব্যৱসায়ক বৈধ ৰূপ দিয়াৰ বাবে প্ৰয়োজনীয় ভুৱা নথি-পত্ৰ প্ৰস্তুত কৰিছিল সৌৰভ বাজৌৰীয়াই।
Leave A Comment