• কৰিমগঞ্জ আৰক্ষীৰ অভিযানত ফেনচিডিলসহ আটক দুই সৰবৰাহকাৰী

    আঞ্চলিক
    কৰিমগঞ্জ আৰক্ষীৰ অভিযানত ফেনচিডিলসহ আটক দুই সৰবৰাহকাৰী

    কৰিমগঞ্জঃ কৰিমগঞ্জ আৰক্ষীৰ অভিযানত জব্দ হৈছে বুজন পৰিমাণৰ নিচাজাতীয় ফেনচিডিলসহ আটক কৰা হৈছে দুই সৰবৰাহকাৰীক। কৰিমগঞ্জৰ অসম-ত্ৰিপুৰা সীমান্ত চুড়াইবাড়ীৰ অসম আৰক্ষীৰ তালাচীত উদ্ধাৰ কেইবালাখ টকাৰ ফেনচিডিল।





    আৰু পঢ়িব পাৰিব : ছাত্ৰ সন্থাৰ প্ৰশংসনীয় পদক্ষেপঃ দৰঙৰ ৭টাকৈ ‘শ্বহীদ ভৱন’ ক’ভিড সেৱাৰ বাবে অৰ্পণ





    চুড়াইবাড়ী আৰক্ষীচকীৰ ভাৰপ্ৰাপ্ত বিষয়া মিণ্টু শিলে জনোৱা মতে, ট্ৰাকখন গুৱাহাটীৰপৰা আগৰতলা অভিমুখে গৈ আছিল। আৰক্ষীৰ তলাচীত কছমেটিক বোঝাই ট্ৰাকখন (AS/01/KC/6150)ৰ পৰা উদ্ধাৰ কৰা হয় ১৪৪ কাৰ্টন ফেনচিডিল। ১৪৪ কাৰ্টনত মুঠ ১৪০০টা বটল ফেনচিডিল আছিল।





    আৰু পঢ়িব পাৰিব : বিশ্বনাথত ভয়ংকৰ পথদুৰ্ঘটনাঃ নৈশ-বাছৰ খুন্দাত নিহত চিকিৎসাকৰ্মী





    আৰু এই নিচাজাতীয় ফেনচিডিলখিনিৰ বজাৰমূল্য অনুমানিক ৭০লাখ টকা হ’ব বুলিও জানিবপৰা গৈছে। আটক হোৱা চালকগৰাকীৰ নাম ছফিকুল ইছলাম আৰু সহঃ চালকৰ নাম মুমিন আলী বুলি জানিব পৰা গৈছে। তেওঁলোকৰ ঘৰ কামৰূপ জিলাত। বৰ্তমানে আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে।


    indojawa88slot thailandsabung ayam onlinesv388sv388sabung ayam onlinesv388agen sabung ayamsitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388agen sabung ayamlive casino