• কৰ্মৰত অৱস্থাৰ পৰাই সন্ধানহীন ২ ব্যৱসায়ী

    আঞ্চলিক
    কৰ্মৰত অৱস্থাৰ পৰাই সন্ধানহীন ২ ব্যৱসায়ী

    গুৱাহাটী : গুৱাহাটীত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ অপহৰণ কাণ্ড৷ নুনমাটিৰ দুজন ঠিকাদাৰ কামলৈ ওলাই যোৱাৰ পাছত নিখোঁজ হয়৷ গড়ভঙাৰ কৰ্মস্থলীৰ পৰা দুৰ্বৃত্তই অপহৰণ কৰে ঠিকাদাৰ দুজনক৷ লোক দুজনৰ নাম জয়ন্ত কছাৰী আৰু কুশল কলিতা বুলি জানিব পৰা গৈছে৷ মুক্তিপণত দবৃত্তই ধনদাবী কৰে ব্যৱসায়ীজনৰ পৰিয়ালক৷ বুধবাৰে অপহৃতত হয় ঠিকাদাৰ জয়ন্ত আৰু কুশল৷





    ঘটনাৰ বিৱৰণী অনুসৰি, মহানগৰীত লখৰাৰ গড়ভঙা সংৰক্ষিত বনাঞ্চলত নিৰুদ্দেশ হৈছিল দুজন ব্যক্তি। গছপুলি ৰোপন কৰিবলৈ যোৱা দুয়োজনেই বৰ্তমান সন্ধানহীন হৈ আছে। গছপুলি ৰোপনৰ ঠিকাদাৰৰূপে কৰ্তব্যৰত আছিল লোক দুজন। বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নিৰ্দেশত গড়চুক আৰক্ষী থানাত ৰুজু হৈছে এটা গোচৰ। ভাতৃ দিগন্ত কছাৰীয়ে এই গোচৰ তৰাৰ পাছতেই গোচৰ নং ৪২৩/২১৷ ইউ/এছ ৩৬৫ আইপিএছৰ অধীনত তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছে। কোনো লোকে অপহৰণ কৰাৰ সন্দেহ কৰা হৈছে। বিটিআৰৰ প্ৰাক্তন কাৰ্যবাহী সদস্য গণেশ কছাৰীৰ ভাতৃ জয়ন্ত কছাৰী৷ দুদিন ধৰি আৰক্ষী তথা বনবিভাগে তৎপৰতাৰে ঘটনাৰ তদন্ত চলাইছে যদিও এই মুহূৰ্তলৈকে লোক দুজনৰ কোনো শুংসূত্ৰ পোৱা নাই।